আছুৰ নাতি কোন? নিজৰ নাতিক মৰম কৰিবনে আছুৱে?

News18-Assam
Updated:November 23, 2019, 1:20 PM IST
আছুৰ নাতি কোন? নিজৰ নাতিক মৰম কৰিবনে আছুৱে?
ক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দলে ছাত্ৰ সংগঠনৰ জন্ম দিয়াৰ বিৰোধিতা কৰা প্ৰসংগতো বিধায়ক সত্যব্ৰত কলিতাই দিয়ে স্পষ্টিকৰণ

ক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দলে ছাত্ৰ সংগঠনৰ জন্ম দিয়াৰ বিৰোধিতা কৰা প্ৰসংগতো বিধায়ক সত্যব্ৰত কলিতাই দিয়ে স্পষ্টিকৰণ

  • Share this:
সদৌ অসম ছাত্ৰ সন্থাৰ নাতি কোন? পুত্ৰ অসম গণ পৰিষদৰ বিধায়ক সত্যব্ৰত কলিতাই কাক আছুৰ নাতি বুলিলে?

অসম গণ পৰিষদে নতুনকৈ জন্ম দিয়া ছাত্ৰ সংগঠন, অসম ছাত্ৰ পৰিষদক এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নাতি বুলি অভিহিত কৰিছে বিধায়ক সত্যাব্ৰত কলিতাই। বিধায়ক কলিতাই কয় যে, ‘আছুয়ে AGPক পুত্ৰ বুলি কৈছে ৷ আমি স্বীকাৰ কৰিছো আছুৰ দাবীক ৷ অসম ছাত্ৰ পৰিষদ আছুৰ নাতি সদৃশ ৷ আছুৱে নিজৰ নাতি অসম ছাত্ৰ পৰিষদক মৰম কৰক আৰু আৰ্শীবাদ কৰক; যাতে ছাত্ৰ পৰিষদৰ উন্নতি হয়, ভাল হয় ৷”  বিধায়ক কলিতাই লগতে কয়-“আছুয়ে পুত্ৰ AGPক মৰম কৰক ৷ পুত্ৰৰ উন্নতি পিতাকে বিচাৰে যিহেতু ৷”



ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দলে ছাত্ৰ সংগঠনৰ জন্ম দিয়াৰ বিৰোধিতা কৰা প্ৰসংগত বিধায়ক সত্যব্ৰত কলিতাই স্পষ্ট কৰি দিয়ে যে দলৰ সাধাৰণ পৰিষদৰ বৈঠকত ছাত্ৰ সংগঠনৰ জন্ম দিয়া হৈছে সৰ্বসন্মতক্ৰমে ৷ এইক্ষেত্ৰত দলৰ সিদ্ধান্তক বিৰোধিতা কৰটো অনুচিত ৷

CABৰ প্ৰসংগতো বিধায়ক কলিতাই দলৰ স্থিতি স্পষ্ট কৰি কয়- “আমি CABৰ বিৰোধীতা কৰি আছো ৷ আমাৰ স্থিতি স্পষ্ট ৷ আমাৰ দলে অসমৰ জাতীয় জীৱনৰ বিৰোধী কাম নকৰে ৷ BJPয়ে CAB আনিলে নিশ্চয় আমাৰ লগত আলোচনা কৰিব ৷ আমি CABৰ বিৰোধিতা কৰি যাম ৷’
আৰু চাওক
পৰৱৰ্তী বাতৰি