‘২০২১ চনত গাদীচ্যুত হ’ব বিজেপি, আঞ্চলিকতাবাদী দলৰ নেতৃত্বত হ’ব চৰকাৰ’

News18 Assam | News18-Assam
Updated:September 2, 2020, 5:04 PM IST
‘২০২১ চনত গাদীচ্যুত হ’ব বিজেপি, আঞ্চলিকতাবাদী দলৰ নেতৃত্বত হ’ব চৰকাৰ’
বুধবাৰৰ সংবাদ মেলত ৰাজ্য চৰকাৰকো কটু ভাষাৰে সমালোচনা কৰে অদীপ কুমাৰ ফুকনে।

বুধবাৰৰ সংবাদ মেলত ৰাজ্য চৰকাৰকো কটু ভাষাৰে সমালোচনা কৰে অদীপ কুমাৰ ফুকনে।

  • Share this:
২০২১ চনত গাদীচ্যুত হ’ব বিজেপি – সংবাদ মেল অনুষ্ঠিত কৰি এই দাবী উত্থাপন কৰিলে অসম সংগ্ৰামী মঞ্চই। অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে সংবাদ মেলত জনোৱা মতে, ২০২১ত অসমত আঞ্চলিকতাবাদী দলৰ নেতৃত্বতে চৰকাৰ হ’ব।

বুধবাৰৰ সংবাদ মেলত ৰাজ্য চৰকাৰকো কটু ভাষাৰে সমালোচনা কৰে অদীপ কুমাৰ ফুকনে। ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে আবেদনৰ বয়স ঊৰ্ধ্বসীমা বৃদ্ধি কৰিলে নে ৪ বছৰ হ্ৰাস কৰিলে বুলিও চৰকাক প্ৰশ্ন কৰে অসম সংগ্ৰামী মঞ্চই। ৰাজ্যৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি ৰাজ্য চৰকাৰ সম্পূৰ্ণ উদাসীন বুলি সংবাদ মেলত অভিযোগ কৰে মঞ্চৰ নেতৃত্বই।

যিটো সময়ত অসমৰ লাখ লাখ শিক্ষিত যুৱক যুৱতীয়ে এটা চাকৰিৰ বাবে বছৰৰ পিছত বছৰ অতিক্ৰম কৰিবলগীয়া হৈছে, সেইটো সময়তে অসম চৰকাৰৰ ৪০টা বিভাগত ৫৭,৮১০টা পদ খালী হৈ আছে বুলি কয় অসম সংগ্ৰামী মঞ্চই।

ৰাজ্য চৰকাৰৰ খালী হৈ থকা পদসমূহ পুৰণৰ বাবে দাবী জনালে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে। বুধবাৰৰ সংবাদ মেলত অদীপ কুমাৰ ফুকনৰ উপৰি দলৰ উপ–সভাপতি বিমল প্ৰসাদ চৌধুৰী, সম্পাদক অমিতাভ বৰঠাকুৰ আৰু সাংগঠনিক সম্পাদক মাধৱানন্দ পাঠক উপস্থিত আছিল।
Published by: Sanjay Kumar Das
First published: September 2, 2020, 5:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading