ভাষা নীতি প্ৰয়োগ কৰক, নহ’লে অসমীয়াভাষীৰ সংখ্যা হ’বগৈ ৩০–৪০ শতাংশ : সাহিত্য সভা

‘চালো পাল্টাই’ৰ নামত বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰাসকলক ধিক্কাৰ জনায় অসম সাহিত্য সভাই।

news18assam
Updated:June 5, 2019, 2:51 PM IST
ভাষা নীতি প্ৰয়োগ কৰক, নহ’লে অসমীয়াভাষীৰ সংখ্যা হ’বগৈ ৩০–৪০ শতাংশ : সাহিত্য সভা
‘চালো পাল্টাই’ৰ নামত বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰাসকলক ধিক্কাৰ জনায় অসম সাহিত্য সভাই।
news18assam
Updated: June 5, 2019, 2:51 PM IST
ৰাজ্যৰ সচিবালয়ৰ পৰাই আৰম্ভ হওক চৰকাৰী ভাষা প্ৰয়োগৰ প্ৰক্ৰিয়া। ভাষা নীতি আৰু নীতি প্ৰয়োগৰ সিদ্ধান্ত চৰকাৰে পৰৱৰ্তী কেবিনেটত গ্ৰহণ কৰক। এই আহ্বান অসম সাহিত্য সভাৰ। এক সংবাদমেলযোগে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে ছানাউল্লাহৰ দৰে লোকৰ এনে পৰিস্থিতি হোৱাটো দেশৰ বাবে মোক্ষম আঘাত। এনে ধৰণৰ অৱস্থা চলি থাকিলে অসমীয়াভাষীৰ সংখ্যা ৩০–৪০ শতাংশ হ’ব। প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তি প্ৰক্ৰিয়াত ১০০ নম্বৰৰ ভিতৰত ৫০ নম্বৰ অসমীয়া ভাষাৰ ব্যৱহাৰৰ বাবে বাৰে বাৰে সাহিত্য সভাই দাবী জনাই আহিছে। বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু সকলো শিক্ষানুষ্ঠানৰ লগতে ভাষা নীতি অনুসৰি অসমীয়া, বড়ো আৰু বাংলা ভাষা প্ৰয়োগ কৰাৰো আহ্বান সাহিত্য সভাৰ।

‘চালো পাল্টাই’ৰ নামত বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰাসকলক ধিক্কাৰ জনায় অসম সাহিত্য সভাই। ২০২১ চনৰ লোকপিয়লত চাহ বাগানৰ লোকসকলে অসমীয়া ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰাৰ কথা দিছিল। ৰাষ্ট্ৰীয় শিক্ষা নীতিত তৃতীয় ভাষা হিচাপে খিলঞ্জীয়া ভাষাৰ মৰ্যাদা যাতে কোনো কাৰণতে নাইকিয়া কৰিব নোৱাৰে তাৰ বাবে সজাগ হ’ব লাগিব বুলিও মন্তব্য কৰে পৰমানন্দ ৰাজবংশীয়ে। অসম চৰকাৰ আৰু জাতীয় সংগঠনে সহায়–সহযোগ আগবঢ়ালে অসমীয়াভাষীৰ সংখ্যা ৭০ শতাংশ বৃদ্ধি হ’ব, তেতিয়া ‘চলো পাল্টাই’ৰ দৰে বিভেদকামী অপশক্তি ধূলিসাৎ হ’ব বুলিও কয় ৰাজবংশীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি