• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰাকত অসমীয়া ভাষাত ক'লা ৰং, কি কয় অসম সাহিত্য সভাই?

বৰাকত অসমীয়া ভাষাত ক'লা ৰং, কি কয় অসম সাহিত্য সভাই?

একে ঘটনাৰ পুনৰাবৃত্তি হ'লে কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লৈ তদাৰক সমিতি গঠন কৰি সিদ্ধান্তৰ চূড়ান্ত ৰূপ দিয়া হ'ব।

একে ঘটনাৰ পুনৰাবৃত্তি হ'লে কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লৈ তদাৰক সমিতি গঠন কৰি সিদ্ধান্তৰ চূড়ান্ত ৰূপ দিয়া হ'ব।

একে ঘটনাৰ পুনৰাবৃত্তি হ'লে কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লৈ তদাৰক সমিতি গঠন কৰি সিদ্ধান্তৰ চূড়ান্ত ৰূপ দিয়া হ'ব।

  • Share this:

    বৰাক উপত্যকাত শেহতীয়াকৈ অসমীয়া ভাষাৰ বেনাৰত ক'লা ৰং সনা ঘটনা সন্দৰ্ভত ৰঙিয়াত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই । সাংবাদিকৰে হোৱা সাক্ষাৎকালত শৰ্মাই প্ৰতিক্ৰিয়া সৃষ্টিৰ লক্ষ্যৰে দুষ্কৃতিকাৰীয়ে যোগোৱা ইন্ধনক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।


    অসমীয়া ভাষা চৰকাৰী ভাষা। এই ৰাজ্য ভাষাৰ প্ৰসাৰৰ বাবে চৰকাৰ দায়বদ্ধ। আনহাতে অসম সাহিত্য সভা জাতীয় অনুষ্ঠান। ই কেবল অসমীয়া ভাষাৰে নহয় প্ৰতিটো জনগোষ্ঠীয় ভাষাৰ উত্তৰণৰ ক্ষেত্ৰত  দায়বদ্ধ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় শৰ্মাই। শেহতীয়াকৈ যিকেইটা সংগঠনে এনে গৰ্হিত কাম কৰিছে অনাগত দিনত তেওঁলোকক আঁতৰি থকাৰ বাবে সকীয়াই দিয়ে।


    ইফালে এইক্ষেত্ৰত অসম সাহিত্য সভাৰ পৰৱৰ্তী স্থিতি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত সম্পাদকগৰাকীয়ে কয় যে ৰাজ্য ভাষাক যদিহে দুষ্কৃতিকাৰীয়ে অপমান কৰি থাকে, তেন্তে কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লৈ তদাৰক সমিতি গঠন কৰি সিদ্ধান্তৰ চূড়ান্ত ৰূপ দিয়া হ'ব।


    এই সন্দৰ্ভত কোনোধৰণৰ ধৰ্ণা কাৰ্যসূচী গ্ৰহণৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ জৰিয়তে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা বুলি উল্লেখ কৰে। ইতিমধ্যে বৰাকৰ একাংশ অসমীয়া ভাষা বিদ্বেষী লোকে অসম সাহিত্য সভাৰ মাজত বিভাজন অনাৰ চেষ্টা কৰা বুলি উল্লেখ কৰি কয় যে অসম সাহিত্য সভা ৩২খন জিলা আৰু এহাজাৰতকৈ অধিক শাখাৰে গঠিত  বৃহত্তম জাতীয় সংগঠন। গতিকে তোষামোদেৰে বিভাজনকামীসকলকো বিৰত থকাৰ বাবে সজোৰে আহ্বান জনায় প্ৰধান সম্পাদকগৰাকীয়ে ।

    Published by:Gautam Barman
    First published:

    শেহতীয়া বাতৰি