দুদিন পুৰ্বে এখন সভাত ‘কা' আন্দোলনক লৈ সুৰ সলনি কৰি প্ৰদান কৰা কেতবোৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল–সংগঠন।
দুদিন পুৰ্বে এখন সভাত ‘কা' আন্দোলনক লৈ সুৰ সলনি কৰি প্ৰদান কৰা কেতবোৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল–সংগঠন।
‘কা' আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা তথা জাতি–মাটিৰ গানেৰে অসমীয়া জনতাক উদ্বুদ্ধ কৰা জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাঙে শেহতীয়াকৈ নিজৰ স্থিতি সলনি কৰি চৰম অস্বস্তিত পৰিছে। দুদিন পুৰ্বে এখন সভাত ‘কা' আন্দোলনক লৈ সুৰ সলনি কৰি প্ৰদান কৰা কেতবোৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল–সংগঠন।
শুকুৰবাৰে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে তেওঁক প্ৰদান কৰা সৰ্বোচ্চ সন্মান ঘূৰাই লোৱাৰ সকীয়নি প্ৰদান কৰে। সংগঠটোৰ টীয়কস্থিত কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি উপদেষ্টা মনোজ গগৈয়ে কয় - "আপুনি মানসিকতা সলনি কৰক। ক্ষমতাৰ পিছত দৌৰি স্বাৰ্থপৰতাৰ পৰিচয় নিদিব। আপুনি মানসিকতা সলনি নকৰিলে জাতিৰ স্বাৰ্থত আমি আপোনাক প্ৰদান কৰা সৰ্বোচ্চ সন্মান ঘূৰাই ল’বলৈ বাধ্য হ’ম।’’
উল্লেখ্য যে ২০১৬ বৰ্ষত সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত এযোৰা তামোল-পাণৰ শৰাইত অংগ বস্ত্ৰৰে তেওঁলোকৰ সৰ্বোচ্চ সন্মান "অসম প্ৰেমী" বঁটা প্ৰদান কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|