''বৰ্ষাশ্ৰী এগৰাকী মেধাৱী ছাত্ৰী। কবিতাৰ মাধ্যমেৰে তেওঁ নিজৰ মনৰ অনুভৱহে ব্যক্ত কৰিছে। পিছে ইয়াক ৰাষ্ট্ৰদ্ৰোহ হিচাপে গণ্য কৰাটো দুৰ্ভাগ্যজনক। বৰ্ষাশ্ৰীৰ বিষয়টোত অসমৰ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি শীঘ্ৰেই তেওঁক মোকোলাই দিয়াৰ ব্যৱস্থা কৰক।'' -নগাঁৱত এই মন্তব্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuba Chatra Parishad) সভাপতি ৰাণা প্ৰতাপ বৰুৱাৰ।
সংগঠনটোৰ নতুন বজাৰস্থিত নগাঁও জিলা কাৰ্যালয়ত এই সন্দৰ্ভত মত প্ৰকাশ কৰি জাতীয় সংগঠনটোৰ নেতাগৰাকীয়ে কয়, "পূৰ্বৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছপুৰত বহিয়ে ৰাজ্যৰ শাসন চলাইছিল। কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো কথাতে ৰাইজৰ কাষত থকা বুলি পৰিচয় দিব বিচাৰে। যদি তেওঁ প্ৰকৃতাৰ্থত ৰাইজৰ নেতা হ'ব বিচাৰে তেন্তে তেওঁৰ অধীনত থকা গৃহ বিভাগটোক নিয়ন্ত্ৰণ কৰক। ৰাইজে মনৰ ভাব প্ৰকাশ কৰাতো যদি আৰক্ষীয়ে বাধা দিয়ে, তেন্তে ভৱিষ্যতে ৰাইজে ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব আৰু তেতিয়া কোনো আৰক্ষীয়ে ৰাইজক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব।"
জাতীয় সংগঠনটোৰ সভাপতিগৰাকীয়ে লগতে কয়, গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে আৰু ইয়াক মষিমূৰ কৰাৰ প্ৰচেষ্টা কৰিলে ভয়াবহ গণবিক্ষোভৰ সৃষ্টি হ'ব। সংগঠনটোৰ সভাপতিগৰাকীয়ে বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইক (Barshashri Buragohain) শীঘ্ৰেই মুকলি কৰি দিয়াৰো দাবী কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|