• Home
  • »
  • News
  • »
  • assam
  • »
  • SOPক লৈ অসন্তুষ্ট যুৱ-ছাত্ৰ পৰিষদ, ৰাজ্যৰ জনতাক জিলাত বন্দী কৰি খোলা ৰাখিছে আন্তঃৰাজ্যিক যাতায়াত

SOPক লৈ অসন্তুষ্ট যুৱ-ছাত্ৰ পৰিষদ, ৰাজ্যৰ জনতাক জিলাত বন্দী কৰি খোলা ৰাখিছে আন্তঃৰাজ্যিক যাতায়াত

ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী–বিধায়কে ক'ভিড প্ৰটকল ভংগ কৰাৰ অভিযোগ AJYCPৰ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী–বিধায়কে ক'ভিড প্ৰটকল ভংগ কৰাৰ অভিযোগ AJYCPৰ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী–বিধায়কে ক'ভিড প্ৰটকল ভংগ কৰাৰ অভিযোগ AJYCPৰ।

  • Share this:

শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নতুন SOPক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৱে কয় যে চৰকাৰে সপ্তাহে সপ্তাহে বা পষেকে পষেকে প্ৰকাশ কৰা SOPসমূহ অৰ্থহীন তথা যুক্তিহীন। ৰাজ্যৰ সামগ্ৰিক অৰ্থনৈতিক দিশটোক বাৰুকৈ প্ৰভাৱান্বিত কৰিছে কোভিড বিধিয়ে। এহাতে ৰাজ্য চৰকাৰে আন্তঃজিলা যাতায়াত বন্ধ কৰি ৰাখিছে, আনহাতে আন্তঃৰাজ্যিক যাতায়াত সম্পূৰ্ণ খোলা আছে।


ৰাজ্যৰ বাহিৰৰ পৰা দৈনিক ৰে'ল, উৰাজাহাজৰ যাতায়াত অব্যাহত আছে আৰু বহিঃৰাজ্যৰ পৰা নিতৌ মানুহ আহি আছে। তেনেস্থলত নিজ ৰাজ্যৰ জনসাধাৰণক জিলাৰ ভিতৰত বন্দী কৰি ৰখা কাৰ্য হাস্যকৰ। ৰে'ল চলাচল কৰিব পাৰিলে বাছ বা অন্য ৰাজহুৱা পৰিবহণসমূহ চলাচল কৰিব নোৱাৰাৰ কোনো যুক্তি নাই।


ৰাজ্য চৰকাৰৰ এনে যুক্তিহীন কৰ্মকাণ্ডৰ বাবে মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ লোকসকল চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। ঋণ লৈ বাছ ক্ৰয় কৰা বাছ মালিকসকলে ঋণ পৰিশোধ কৰিব নোৱৰাৰ লগতে নিজৰ পৰিয়াল পোহপাল দিব পৰা নাই। তেনেদৰে মটৰ শ্ৰমিকসকলৰ অৱস্থাও পানীত হাঁহ নচৰা হৈছে।


সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰক ৰাজ্যত শীঘ্ৰে বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ লগতে পৰিবহণ সংক্ৰান্তীয় বিভিন্ন কৰ হ্ৰাস কৰা, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মটৰ শ্ৰমিকসকলক সাহায্য প্ৰদান কৰা আৰু বাছ মালিকসকলৰ বাবে বেংকৰ সুদ হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।


আনহাতে বিদ্যালয়সমূহৰ শিক্ষক–শিক্ষয়িত্ৰীৰ বাকী থকা ভেকচিন প্ৰদানৰ কাম অনতিবিলম্বে সমাপন কৰি পৰ্যায়ক্ৰমে বিদ্যালয় খোলাৰ ব্যৱস্থা কৰিবলৈ যুৱ-ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছে। লগতে ৰাজ্য চৰকাৰক গাঁও পঞ্চায়ত বা তেনে স্থানীয় কৰ্তৃত্বৰ যোগেদি ঘৰে ঘৰে গৈ ক'ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনায়।


ইফালে নতুন SOP মতে বিবাহ অনুষ্ঠানত ২৫গৰাকী আৰু সভা–সমিতিত ২০০ গৰাকী লোকৰ অনুমতি প্ৰদান কৰা কাৰ্যকো যুক্তিহীন আখ্যা দিছে যুৱ-ছাত্ৰ পৰিষদে। দৰাচলতে ৰাজ্য চৰকাৰে নিজৰ দলীয় সভা–সমিতি আয়োজন কৰাৰ কৌশলেৰে এনে অযুক্তিকৰ নীতি বলৱৎ কৰি ৰাইজক হাৰাশাস্তি কৰিছে। বৈষম্যমূলক নীতি বন্ধ  কৰি অনাগত SOPখন সৰ্বসাধাৰণ ৰাইজৰ লগতে চৰকাৰৰ মন্ত্ৰী–বিধায়কসকলে একেলগে মানি চলিব পৰা এক ইউনিফৰ্ম SOP যাতে হয়, তাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে |

Published by:Gautam Barman
First published: