মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আশীৰ্বাদ যাত্ৰাৰ নামত কোভিড বিধি ভংগ! সোণোৱাল, হিমন্তসহ বহু হাইপ্ৰফাইল নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল AJPৰ, ভৱেশ কলিতাই ক'লে, 'বিৰোধী নাৰ্ভাচ হৈছে'

আশীৰ্বাদ যাত্ৰাৰ নামত কোভিড বিধি ভংগ! সোণোৱাল, হিমন্তসহ বহু হাইপ্ৰফাইল নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল AJPৰ, ভৱেশ কলিতাই ক'লে, 'বিৰোধী নাৰ্ভাচ হৈছে'

News18 Assam | News18-Assam
Updated:August 22, 2021, 4:50 PM IST
আশীৰ্বাদ যাত্ৰাৰ নামত কোভিড বিধি ভংগ! সোণোৱাল, হিমন্তসহ বহু হাইপ্ৰফাইল নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল AJPৰ, ভৱেশ কলিতাই ক'লে, 'বিৰোধী নাৰ্ভাচ হৈছে'
পাব্লিছিটি পাব কাৰণে এইবোৰ কৰিছে। কিন্তু পাব্লিচিটিও নাপায়। পেপাৰত সৰুকৈ অলপ ওলাবঃ ভৱেশ কলিতা

পাব্লিছিটি পাব কাৰণে এইবোৰ কৰিছে। কিন্তু পাব্লিচিটিও নাপায়। পেপাৰত সৰুকৈ অলপ ওলাবঃ ভৱেশ কলিতা

  • Share this:
জন আশীৰ্বাদ যাত্ৰাৰ নামত বিজেপিয়ে কোভিড বিধি ভংগ কৰাৰ অভিযোগ। দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে অসম জাতীয় পৰিষদে।  মহানগৰীৰ বিভিন্ন আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন দলটোৱে। পৰৱৰ্তী সময়ত আৰ্শীবাদ যাত্রা হ'বলগীয়া স্থানসমূহতো এজাহাৰ দাখিল কৰিব AJP এ।

অসম জাতীয় পৰিষদে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰামেশ্বৰ তেলী,কামাখ্যা প্ৰসাদ তাছা, তপন কুমাৰ গগৈ, দিলীপ শইকীয়া, পল্লব লোচন দাস, কুইন ওজা, বিমল বৰা, যোগেন মহন, ভৱেশ কলিতা আৰু কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ বিৰুদ্ধে গোচৰ তৰিছে।

এতিয়া কোভিড প্ৰট'কল ভংগ কৰি বিজেপিয়ে জন আশীৰ্বাদ যাত্ৰা কৰাৰ বিৰুদ্ধে একাংশ দল সংগঠন আইনৰ কাষ চপাৰ সময়তে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভৱেশ কলিতাই কয় যে, 'কিছুমান ৰাজনৈতিক দলৰ কাম নাই সেইবাবে কোভিড প্ৰট'কল ভংগৰ গোচৰ দিবলৈ গৈছে। পাব্লিছিটি পাব কাৰণে এইবোৰ কৰিছে। কিন্তু পাব্লিচিটিও নাপায়। পেপাৰত সৰুকৈ অলপ ওলাব। আমি কোভিড প্ৰট'কল ভংগ কৰিব লগীয়া হোৱা হেতেন বিশাল ৰেলী হ'ল হয়। বিৰোধী নাৰ্ভাচ হৈছে। উপ নিৰ্বাচনত প্ৰভাৱ পৰিব এই আশীৰ্বাদ যাত্ৰাৰ।'
Published by: Himangshu Bhuyan
First published: August 22, 2021, 4:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি