বিৰোধীৰ ওপৰত আত্মবিশ্বাসী লুৰিণজ্যোতি গগৈ। বিৰোধীৰ ওপৰত আত্মবিশ্বাসী লুৰিণজ্যোতি গগৈ। নিৰ্বাচন আয়োগে ঘোষণা কৰিছে মাজুলী উপ-নিৰ্বাচনৰ দিন ৷ সেই অনুসৰি অহা ১৭ ফেব্ৰুৱাৰী মনোনয়ন দাখিলৰ অন্তিম সময়সীমা ৷ যাকলৈ ইতিমধ্যে সমষ্টিটোত আৰম্ভ হৈছে শাসক-বিৰোধী নিৰ্বাচনী তত্পৰতা ৷
বিজেপিৰ দখলত থকা সমষ্টিটো কাৰ হাতত থাকিব? তাক লৈ আৰম্ভ হৈছে অংক ৷ ইফালে বিগত উপ-নিৰ্বাচনৰ সময়ত কংগ্ৰেছ AIUDF, CPI সৈতে বুজাবুজিত মাজুলী সমষ্টিত অসম জাতীয় পৰিষদে প্ৰাৰ্থী প্ৰক্ষেপৰ সিদ্ধান্তত উপনীত হৈছে ৷
জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ স্পষ্ট মত, 'কংগ্ৰেছৰ ওপৰত আমি আত্মবিশ্বাসী ৷ মাজুলী জাতীয় পৰিষদে আগবঢ়াব প্ৰতিদ্বন্দিতা ৷' পিছে লুৰিণজ্যোতি গগৈৰ এই আত্মবিশ্বাস কিমান বাস্তৱ সন্মত হয়, সেয়া সময়ত লক্ষণীয় হ'ব ৷
অৱশ্যে প্ৰাৰ্থী প্ৰক্ষেপৰ সুযোগ পালে বিজেপিক প্ৰত্যাহ্বান জনাব পাৰিব বুলি আশাবাদী লুৰিণজ্যোতি গগৈ। এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে কয় যে, নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণত চৰকাৰ যে সম্পূৰ্ণ ব্যৰ্থ হৈছে, তাৰ প্ৰমাণ পোৱা গৈছে। নিয়োগ নিশ্চিতকৰণত চৰকাৰৰ চৰম ভেকোভাওনা প্ৰকাশ পাইছে ৷' ইপিনে মাজুলীত দলং নিৰ্মাণ কৰিম বুলি বিজেপি চৰকাৰে দি অহা প্ৰতিশ্ৰুতি যে পূৰণ নকৰিলে, সেয়াও নিৰ্বাচনী ইছ্যু ৰূপে গ্ৰহণ কৰিব বুলি মন্তব্য কৰে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: February 06, 2022, 19:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|