গুৱাহাটীত অজাপৰ পৰ্যালোচনা বৈঠক, লুৰিণজ্যোতিয়ে ক’লে – ‘২ মে’ত কোনেও নভৱা ধৰণৰ ফলাফল পাব’

News18 Assam | News18-Assam
Updated:April 12, 2021, 3:30 PM IST
গুৱাহাটীত অজাপৰ পৰ্যালোচনা বৈঠক, লুৰিণজ্যোতিয়ে ক’লে – ‘২ মে’ত কোনেও নভৱা ধৰণৰ ফলাফল পাব’
File Photo

মোৰ সমষ্টিত জিকা–হৰাটো ৰাইজে নিৰ্ণয় কৰিব বুলি মন্তব্য কৰি অজাপৰ সভাপতিগৰাকীয়ে কয়, ‘‘মই আত্মবিশ্বাসী। হৰ্ছট্ৰেডিং থাকিব কিন্তু আমি ভোল নাযাওঁ।

  • Share this:
গুৱাহাটীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী পৰ্যালোচনা সভা। নিৰ্বাচনৰ পিছত প্ৰথমবাৰলৈ সমূহ প্ৰাৰ্থীক লৈ পৰ্যালোচনা সভা দলটোৰ। বৈঠকত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ।

সংবাদ মাধ্যমৰ আগত লুৰিণজ্যোতি গগৈয়ে কয়, ‘‘এই ব'হাগ জাতীয় জীৱনৰ আশাৰ ব'হাগ। ৰাজনৈতিকভাৱে জাতি সংকটত, কোনেও নভবা ধৰণৰ ফলাফল হ'ব এইবাৰ নিৰ্বাচনত। জাতীয় পৰিষদে এইবাৰৰ নিৰ্বাচনত যথেষ্ট ভাল ফলাফল দেখুৱালৈ সক্ষম হ'ব। ২মে'ত  সকলোৱে কোনেও নভবা এটা ভাল ফলাফল পাব।’’

মোৰ সমষ্টিত জিকা–হৰাটো ৰাইজে নিৰ্ণয় কৰিব বুলি মন্তব্য কৰি অজাপৰ সভাপতিগৰাকীয়ে কয়, ‘‘মই আত্মবিশ্বাসী। হৰ্ছট্ৰেডিং থাকিব কিন্তু আমি ভোল নাযাওঁ। চৰকাৰ গঠনত আমি নিশ্চিতভাৱে ফেক্টৰ হ'ম। আমাৰ সদায় আপোচবিহীন চৰিত্ৰ আছে  সদায় থাকিব।

চৰকাৰ গঠনত কোনো দলৰ সৈতে চামিলৰ বাবে থাকিব জাতীয় স্বাৰ্থজড়িত চৰ্ত। চাইলেণ্ট ভোটাৰ, মহিলা-যুৱ প্ৰজন্ম এইবাৰ আমাৰ পক্ষত আছে বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ।

আনহাতে, দলটোৰ নেতা জগদীশ ভূঞাই কয়, ‘‘ কিমান সংখ্যক আসন পাম আমি এতিয়াই সংখ্যা কৈ দিব নোৱাৰো। আমি তিনিমহীয়া এটা দ'ল ৷ আমি যথেষ্ট ভোট পাম ৷ নিৰ্বাচনটোত ৪০% নীৰৱ ভোটাৰ আছিল ৷ জাতীয় শক্তিৰ লগত আছিল সেইসকল ভোটাৰ ৷ কংগ্ৰেছ মহাজোঁট বা বিজেপি মিত্ৰজোঁট কোনেও সংখ্যাগৰিষ্ঠ আসন নাপাই ৷ হৰ্ছট্ৰেডিং নিশ্চিতভাৱে চলিব৷ কিন্তু,আমাৰ প্ৰাৰ্থীসকলৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে৷ জাতীয় চিন্তা চেতনাক লৈ আমাৰ প্ৰাৰ্থীয়ে আপোচ নকৰে৷ জাতিসত্বাক লৈ আমি চিন্তা কৰিছো৷ ৰাষ্ট্ৰীয় শক্তিক লৈ যোৱাৰ  কথা আমি এতিয়াও চিন্তা কৰা নাই৷’’
Published by: Sanjay Kumar Das
First published: April 12, 2021, 3:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি