• Home
  • »
  • News
  • »
  • assam
  • »
  • কেবিনেটত APSC পৰীক্ষাক লৈ লোৱা সিদ্ধান্তত অসন্তুষ্ট অসম জাতীয় পৰিষদ, সংবাদ মেল পাতি ক’লে – এয়া মানি ল’ব নোৱাৰি

কেবিনেটত APSC পৰীক্ষাক লৈ লোৱা সিদ্ধান্তত অসন্তুষ্ট অসম জাতীয় পৰিষদ, সংবাদ মেল পাতি ক’লে – এয়া মানি ল’ব নোৱাৰি

আজি এক সংবাদ মেলত দলটোৰ নেতৃত্বই কয় যে জাতীয় সংকটৰ পৰা জাতিক উদ্ধাৰৰ হেতু জন্ম হৈছিল আমাৰ দলটো।

আজি এক সংবাদ মেলত দলটোৰ নেতৃত্বই কয় যে জাতীয় সংকটৰ পৰা জাতিক উদ্ধাৰৰ হেতু জন্ম হৈছিল আমাৰ দলটো।

আজি এক সংবাদ মেলত দলটোৰ নেতৃত্বই কয় যে জাতীয় সংকটৰ পৰা জাতিক উদ্ধাৰৰ হেতু জন্ম হৈছিল আমাৰ দলটো।

  • Share this:
কেবিনেটত APSC পৰীক্ষা সম্পৰ্কত ভাষাক লৈ লোৱা সিদ্ধান্তত অসন্তুষ্ট অসম জাতীয় পৰিষদ। আজি এক সংবাদ মেলত দলটোৰ নেতৃত্বই কয় যে জাতীয় সংকটৰ পৰা জাতিক উদ্ধাৰৰ হেতু জন্ম হৈছিল আমাৰ দলটো।

সংবাদ মেলত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, ‘‘APSCত কেবিনেটত ভাষাক লৈ লোৱা সিদ্ধান্ত মানি ল'ব নোৱাৰি। অসমীয়া ভাষাটোক পাকে প্ৰকাৰে নোহোৱা কৰিবলৈ বিচাৰিছে। অসমীয়া ভাষাক গুৰুত্বহীন কৰি আত্মঘাতী সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছো।’’

সংবাদমেলত অজাপৰ নেতৃত্বই কয়, ১০ডিচেম্বৰৰ শ্বহীদ দিৱসৰ দিনটোৰ পৰা ১৯ ডিচেম্বৰলৈকে আমি জাতীয় স্বাভিমানৰ যাত্ৰা পালন কৰিম। ত্যাগৰ পৰা সংকল্পলৈ হ'ব এই যাত্ৰা। শ্বহীদ দিৱস কেন্দ্ৰীয় ভাৱে ছয়গাঁৱত দুদিনীয়াকৈ পালন কৰা হ'ব ৷ হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনো পালন কৰিম৷ ১১ ডিচেম্বৰৰ ‘কা’ জাপি দিয়াৰ দিনটো ক'লা দিন হিচাপে প্ৰতিবাদী কাৰ্যসূচী ল'ম।

আনহাতে, ১২ ডিচেম্বৰত শ্বহীদ হোৱাসকলৰ বাবে আত্মবলিদান দিৱস পালন কৰিব বুলি উল্লেখ কৰি দলটোৰ নেতৃত্বই কয়, ১৩ ডিচেম্বৰত বিজেপিৰ বিৰুদ্ধে মূল্যবোধৰ দিন হিচাপে পালন কৰিম৷ সত্যনাথ বৰাৰ মৃত্যুৰ দিনটোত তেওঁলৈ শ্ৰদ্ধা জনাম৷ ১৪ ডিচেম্বৰৰ দিনটো জাতীয়তাবোধৰ দিন পালন কৰিম৷ এক সন্মিলন পাতিম৷ ১৫ ডিচেম্বৰৰ দিনটো আমি স্বাৱলম্বিতাৰ দিন হিচাপে পালন কৰিম। ১৬ডিচেম্বৰত জাতীয় ঐক্য সন্মিলন পাতিম৷ ১৭তাৰিখে মাজুলীত দলৰ প্ৰতিষ্ঠা দিৱস পালন কৰিম৷ ১৮ ডিচেম্বৰত মহিলাসকলৰ সন্মিলন৷ ১৯ ডিচেম্বৰ চৈয়দ আব্দুল মালিকৰ জন্ম দিন একতাৰ দিৱস হিচাপে নাহৰণীত পালন কৰা হ'ব৷

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: