உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘য’ত জাহাজ চলে তাত পদুম ফুলিব নোৱাৰে, অসমৰ ডুবন্ত জনতাক উদ্ধাৰ কৰিবলৈ আহিছে জাহাজ’

    ‘য’ত জাহাজ চলে তাত পদুম ফুলিব নোৱাৰে, অসমৰ ডুবন্ত জনতাক উদ্ধাৰ কৰিবলৈ আহিছে জাহাজ’

    অসমত ধৰ্মীয় উন্মাদনাৰ স্থান নাই বুলি মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে  ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী অসম এৰি যাব লাগিব বুলি মন্তব্য কৰে।

    অসমত ধৰ্মীয় উন্মাদনাৰ স্থান নাই বুলি মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে  ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী অসম এৰি যাব লাগিব বুলি মন্তব্য কৰে।

    অসমত ধৰ্মীয় উন্মাদনাৰ স্থান নাই বুলি মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে  ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী অসম এৰি যাব লাগিব বুলি মন্তব্য কৰে।

    • Share this:
    য’ত জাহাজ চলে তাত পদুম ফুলিব নোৱাৰে, অসমৰ ডুবন্ত জনতাক উদ্ধাৰ কৰিবলৈ আহিছে জাহাজ। এই মন্তব্য  লুৰিণজ্যোতি গগৈৰ।

    ঘৰে ঘৰে উপাৰ্জনৰ পথ দিয়াটো অসম জাতীয় পৰিষদৰ প্ৰধান শ্লোগান হ’ব বুলি কোৱাৰ  লগতে বিজেপি চৰকাৰে অসমৰ জনতাক মিঠাতেল আঁচনি, পেট্ৰ’ল–ডিজেল আঁচনি, টোলগেট আঁচনি, চিলিণ্ডাৰ আঁচনি, খাজনা আঁচনি, কেঁচী আঁচনি দিছে বুলিও কটাক্ষ কৰে  অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

    অসমৰ ৰাইজৰ প্ৰভূত্ব আৰু আধিপত্য থাকিব লাগিব। সমন্বয়ৰ বাৰ্তা আৰু জাতীয় চেতনা লৈ আমি আগবাঢ়িব  লাগিব। আজি নলবাৰীৰ সোণকুৰিহাত অনুস্থিত অসম জাতীয় পৰিষদৰ জাতীয় জাগৰণ সভাত উদাত্ত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে।

    লুৰিণজ্যোতি গগৈয়ে কয়, ‘‘অহংকাৰী স্বৈৰাচাৰৰ আৰু অগণতান্ত্ৰিক বিজেপি চৰকাৰে এতিয়া ৩৫ শতাংশ লোকৰ ভোট নালাগে বুলি কৈ জনতাক অপমান কৰিছে। ইয়াৰ উত্তৰ নিৰ্বাচনত অসমৰ জনতাই দিব।’’

    একেদৰে অসমত ধৰ্মীয় উন্মাদনাৰ স্থান নাই বুলি মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে  ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী অসম এৰি যাব লাগিব বুলি মন্তব্য কৰে। অসমৰ কৃষকৰ উৎপাদন কৰা আলু সাত টকাত বিক্ৰী কৰিব লাগে আৰু উত্তৰ প্ৰদেশৰ  কৃষকৰ আলু অসমৰ জনতাই ষাঠি টকাত কিনিব লগীয়া হয় বুলিও ক্ষোভ প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে।

    আনহাতে, কোনো ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা নকৰে বুলি মন্তব্য কৰি এইবাৰ অসমত জাতীয়তাবাদী চৰকাৰ হ’ব আৰু অসম জাতীয় পৰিষদৰ নেতৃত্বত চৰকাৰ হ’ব বুলিও  মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। এইবাৰ অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু এ এছ ডি চি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও ঘোষণা কৰে।
    Published by:Sanjay Kumar Das
    First published: