উজনিৰ পিছত অসম জাতীয় পৰিষদৰ টাৰ্গেট এইবাৰ নামনি অসম, লুৰিণজ্যোতি গগৈ বৰপেটাত উপস্থিত হোৱাৰ পিছতে সমৰ্থকৰ ব্যাপক উচাহ

দেওবাৰে বৰপেটাত অসম জাতীয় পৰিষদৰ এক যোগদান কাৰ্যসূচীতো অংশ লয় লুৰিণজ্যোতি গগৈয়ে।
দেওবাৰে বৰপেটাত অসম জাতীয় পৰিষদৰ এক যোগদান কাৰ্যসূচীতো অংশ লয় লুৰিণজ্যোতি গগৈয়ে।
- News18 Assam
- Last Updated: January 10, 2021, 3:37 PM IST
গুৱাহাটীৰ পৰা বৰপেটাৰ চেঙাত উপস্থিত হোৱা লুৰিণজ্যোতি গগৈয়ে চেঙাত শ্বহীদবেদীত মাল্যাৰ্পণ কৰাৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, বিজেপি বিৰোধী হ’লেও কোনো ৰাষ্ট্ৰীয় দলৰ লগত সনা পিটিকা থকা আঞ্চলিক দলৰ সৈতে মিত্ৰতা নহয় অসম জাতীয় পৰিষদৰ।’
২০২১ত জাতীয় পৰিষদৰ চৰকাৰ হ’লে, অসমত কা বলৱত্ হ’বলৈ দিয়া নহ’ব বুলি হুংকাৰ দি লুৰিণজ্যোতি গগৈয়ে কয় যে, ‘বাহিৰৰ পৰা ৫ লাখ লোক আহিলেও তেওঁলোকক আমাৰ মাটিতে সংস্থাপন দিব লাগিব। এয়া কেনেকৈ সম্ভৱ। আমি ক’ৰ পৰা দিম। আমাৰ ল’ৰা ছোৱালীয়েই চাকৰি পোৱা নাই, সেইসকলক ক’ৰ পৰা সংস্থাপন দিয়া হ’ব?’
ইপিনে অসম জাতীয় পৰিষদক সমৰ্থন কৰাৰ ফলত আছুৱে জাতীয় সংগঠনৰ মৰ্যাদা হেৰুৱাই পেলোৱা বুলি অগপৰ সভাপতি অতুল বৰাই আছুক কৰা সমালোচনাৰো প্ৰত্যুত্তৰ দিয়ে লুৰিণজ্যেতি গগৈৰ ৷
‘৮৫ত আছুৰ ঔৰষত জন্ম পোৱা সন্তানটো স্বাভিমানী হ’ব বুলি আশা কৰা হৈছিল যদিও সেই সন্তানটোৱে ভেজাল জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰিলে। জাতিটোক চূড়ান্ত বিশ্বাসঘাটকতা আৰু প্ৰতাৰণা কৰিলে। জাতীয় শ্বহীদসকলৰ ত্যাগক চূড়ান্ত অপমান কৰিলে। কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত নিজৰ মাতৃৰ আহ্বানকো পাহৰি গ’ল।’- এনেদৰে অগপক কটাক্ষ কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে।
দেওবাৰে বৰপেটাত অসম জাতীয় পৰিষদৰ এক যোগদান কাৰ্যসূচীতো অংশ লয় লুৰিণজ্যোতি গগৈয়ে। ইফালে লুৰিণজ্যেতি গগৈৰ নেতৃত্বত ৰাজ্যত অসম জাতীয় পৰিষদে ২০২১ত চৰকাৰ গঠন কৰাতো নিশ্চিত বুলি মন্তব্য কৰে অজাপৰ নেতা দুলু আহমেদে ৷