ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে শুকুৰবাৰে প্ৰথমবাৰলৈ মহানগৰীত যৌথ ভাৱে সম্বোধন কৰিলে সংবাদমেল
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে শুকুৰবাৰে প্ৰথমবাৰলৈ মহানগৰীত যৌথ ভাৱে সম্বোধন কৰিলে সংবাদমেল
জল্পনা কল্পনাৰ অন্ত পৰিল। অৱশেষত একেলগ হ'ল দুই গগৈ। সন্মুখত থকা বিধান সভা নিৰ্বাচনৰ বাবেই অৱশেষত মিত্ৰতা স্থাপন কৰিলে দুই গগৈৰ নেতৃত্বাধীন দুয়োটা ৰাজনৈতিক দলে। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ মাজত মিত্ৰতা চুড়ান্ত হ'ল।
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে শুকুৰবাৰে প্ৰথমবাৰলৈ মহানগৰীত যৌথ ভাৱে সম্বোধন কৰিলে সংবাদমেল। বিজেপিক গাদীচ্যুত কৰাৰ লগতে কংগ্ৰেছ আৰু এআইইউডিএফৰ পৰা সমদূৰত্বত অৱস্থান কৰাৰ কথা ক'লে ৰাইজৰ দলৰ ভাস্কো ডি শইকীয়া আৰু অসম জাতীয় পৰিষদৰ লুৰিণ জ্যোতি গগৈয়ে। আঞ্চলিকতাবাদত বিশ্বাসী ৰাজনৈতিক শক্তিৰ ভোট যাতে বিভাজন নহয় তাৰ বাবেই এই মিত্ৰতা স্থাপন হৈছে বুলি জনিবলৈ দিয়ে দুয়োটা দলৰ নেতৃত্বই।
দুয়োটা দলৰ নেতৃত্বই সংবাদমেলত কয় যে, 'অপৰাধত এইখন চৰকাৰ এক নম্বৰ। বাঢ়িছে হত্যা, ধৰ্ষণ, নাৰী জনিত অপৰাধ। অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবলৈ আমি একেলগ হৈছো। বিজেপি চৰকাৰে আপোচ কৰা সকলো জাতীয় সমস্যা আমি সমাধান কৰিম। কোনো পধ্যে বুজাবুজি নহয় কংগ্ৰেছৰ সৈতে। কংসৰ পতন ঘটাবলৈ কৃষ্ণ আৰু বলোৰাম এক হৈছে।'
ইফালে অচিৰেই দুয়োটা দলে আন মিত্ৰতাত থকা দলৰ সৈতে আসনৰ বুজাবুজি কৰিব বুলি সংবাদমেলত জনায়। BPFৰ লগতো মিত্ৰতাৰ সন্দৰ্ভত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ আলোচনা চলি আছে বুলি সংবাদ মেলত সদৰি কৰে।ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ যৌথ সংবাদ মেলত ভাস্কো ডি শইকীয়া, লুৰিণ জ্যোতি গগৈ, জগদীশ ভূঞা, পবিন্দ্ৰ ডেকা উপস্থিত আছিল। ইফালে শুকুৰবাৰে অসম জাতীয় পৰিষদত আনুষ্ঠানিক ভাবে যোগ দিয়ে প্ৰাক্তন মন্ত্ৰী বুবুল দাস আৰু বঙাইগাঁৱৰ নেতা প্ৰভাত বৈষ্ণৱৰ লগতে আন বহু জনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|