সাহিত্য সভাৰ ধর্মকেন্দ্ৰিক বিভাজন! 'কা' বিৰোধী প্ৰতিবাদৰ মাজতে অসম ইছলামিক সাহিত্য সভাৰ তৎপৰতা

News18 Assam | News18-Assam
Updated:January 5, 2020, 12:49 PM IST
সাহিত্য সভাৰ ধর্মকেন্দ্ৰিক বিভাজন! 'কা' বিৰোধী প্ৰতিবাদৰ মাজতে অসম ইছলামিক সাহিত্য সভাৰ তৎপৰতা
এইবাৰ ধৰ্মক লৈ সাহিত্য সভা! অসমৰ জাতি মাটি ভেঁটি ৰক্ষাৰ স্বাৰ্থত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়া ৰাইজ 'কা' বিৰোধী আন্দোলনত জঁপিয়াই পৰাৰ সময়তে ধৰ্মকেন্দ্ৰিক সাহিত্য সভাৰ তৎপৰতা।

এইবাৰ ধৰ্মক লৈ সাহিত্য সভা! অসমৰ জাতি মাটি ভেঁটি ৰক্ষাৰ স্বাৰ্থত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়া ৰাইজ 'কা' বিৰোধী আন্দোলনত জঁপিয়াই পৰাৰ সময়তে ধৰ্মকেন্দ্ৰিক সাহিত্য সভাৰ তৎপৰতা।

  • Share this:
এইবাৰ ধৰ্মক লৈ সাহিত্য সভা! অসমৰ জাতি মাটি ভেঁটি ৰক্ষাৰ স্বাৰ্থত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়া ৰাইজ 'কা' বিৰোধী আন্দোলনত জঁপিয়াই পৰাৰ সময়তে ধৰ্মকেন্দ্ৰিক সাহিত্য সভাৰ তৎপৰতা। ‘অসম ইছলামিক সাহিত্য সভা’ৰ এখন পত্ৰক লৈ ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ জোৱাৰ। ভাইৰেল হৈ পৰা পত্ৰখনত উল্লেখ থকা অনুসৰি ‘অসম ইছলামিক সাহিত্য সভা’ৰ কাৰ্যালয় আছে মহানগৰীৰ ছয়মাইলৰ পাঞ্জাবাৰী ৰোডত। অসমত সামুহিক প্ৰতিনিধিত্ব কৰা অসম সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠান থকাৰ পিছতো এনেদৰে ধৰ্মৰ ভিত্তিত সাহিত্য সভা কিয় জন্ম দিবলগীয়া হ’ল বুলি বহুতে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে। ইমৰাণ শ্বাহৰ দৰে বৰেণ্য অসমীয়াই নেতৃত্ব দিয়া সাহিত্য সভাত ধৰ্মৰ ভিত্তিত কিয় সুকীয়া বিভাজনৰ কি প্ৰয়োজন সেই সন্দৰ্ভতো উঠিছে প্ৰশ্ন। অসমত কস্মিন কালেও নোহোৱা এনে 'সাম্প্ৰদায়িক' সাহিত্য সভাৰ অস্তিত্ব আৰু লক্ষ্য উদ্দ্যেশ্যক লৈ উঠিছে প্ৰশ্ন।



 

এই পত্ৰত কোৱা হৈছে হাতীগাঁৱস্থিত ‘আল হালাল ডাইনিং’ত ‘অসম ইছলামিক সাহিত্য সভা’ই ১২ জানুৱাৰীত আয়োজন কৰিছে এক প্ৰতিনিধি সভা। এই সভাত উপস্থিতি কামনা কৰি ‘অসম ইছলামিক সাহিত্য সভাই প্ৰচাৰ কৰিছে পত্ৰ। ১৩,১৪,১৫ তাৰিখে অসম ইছলামিক সাহিত্য সভাই অভিৱৰ্তন অনুষ্ঠিত কৰিব উল্লেখ কৰিছে পত্ৰত।লগতে সভাৰ পৰৱৰ্তী কাৰ্যপন্থা আৰু সদস্য ভৰ্তিৰ বিষয়টো সন্নিৱিষ্ট কৰিছে পত্ৰখনত। পত্ৰখনত মৌলানা ফজলুল কৰিম কাছিমীক প্ৰধান সম্পাদক হিচাপে উল্লেখ কৰিছে। অৱশ্যে অসম ইছলামিক সাহিত্য সভাৰ প্ৰতিষ্ঠা কেতিয়া হ’ল, সেয়া এতিয়াও অজ্ঞাত।
আৰু চাওক
পৰৱৰ্তী বাতৰি