আছুক প্ৰত্যাহ্বান! অগপই জন্ম দিলে নতুন ছাত্ৰ সংগঠন

বিজেপিৰ ABVP, কংগ্ৰেছৰ NSUIৰ দৰে অগপৰো হ'ল নিজা ছাত্ৰ সংগঠন ৷ বিজেপিৰ উত্থানত ABVPৰ যি অৰিহনা তাক নুই নকৰি অসম গণ পৰিষদে খুলিলে ছাত্ৰ সংগঠন

News18-Assam
Updated:October 31, 2019, 9:13 PM IST
আছুক প্ৰত্যাহ্বান! অগপই জন্ম দিলে নতুন ছাত্ৰ সংগঠন
বিজেপিৰ ABVP, কংগ্ৰেছৰ NSUIৰ দৰে অগপৰো হ'ল নিজা ছাত্ৰ সংগঠন ৷ বিজেপিৰ উত্থানত ABVPৰ যি অৰিহনা তাক নুই নকৰি অসম গণ পৰিষদে খুলিলে ছাত্ৰ সংগঠন
News18-Assam
Updated: October 31, 2019, 9:13 PM IST
ৰাজু বৰুৱা: সদৌ অসম ছাত্ৰ সন্থাৰ পৰাই জন্ম হৈছিল ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদ ৷ পিছে সদৌ অসম ছাত্ৰ সন্থাৰে অহা বৃহৎ ব্যৱধানৰ পিছত অসম গণ পৰিষদে গঠন কৰিলে নতুন ছাত্ৰ সংগঠন ৷ সাধাৰণ পৰিষদৰ বৈঠকতে অগপই গঠন কৰিলে 'অসম ছাত্ৰ পৰিষদ' লগতে সংশোধন ঘটালে সংবিধানৰো ৷ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা জন্ম লাভ কৰা ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদে দুবাৰকৈ দিছপুৰৰ মচনদ দখল কৰা অগপৰ উত্থান পতনৰ সাক্ষী হৈছিল সদৌ অসম ছাত্ৰ সন্থা ৷ সময় এতিয়া সলনি হ'ল দেশৰ অধিকাংশ ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠন থকাৰ দৰে অগপৰো হ'ল ছাত্ৰ সংগঠন ৷

বিজেপিৰ ABVP, কংগ্ৰেছৰ NSUIৰ দৰে অগপৰো হ'ল নিজা ছাত্ৰ সংগঠন ৷ বিজেপিৰ উত্থানত ABVPৰ যি অৰিহনা তাক নুই নকৰি অসম গণ পৰিষদে খুলিলে ছাত্ৰ সংগঠন ৷ নাম দিলে অসম ছাত্ৰ পৰিষদ ৷ বিদ্যালয়,মহাবিদ্যালয়,বিশ্ববিদ্যালয় বা আন শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক লক্ষ্য কৰি অগপই গঠন কৰিলে ছাত্ৰ সংগঠন 'অসম ছাত্ৰ পৰিষদ' ৷

বৃহস্পতিবাৰে আঞ্চলিক দলটোৰ আমবাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত সাধাৰণ পৰিষদৰ বৈঠকত জন্ম হ'ল দলটোৰ ছাত্ৰ সংগঠন 'অসম ছাত্ৰ পৰিষদ' ৷ কেন্দ্ৰীয় সমিতি গাঠনিতো পৰিৱৰ্তন অগপৰ ৷ ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদে ৷ সাংগঠনিক ভেটি সুদৃঢ় কৰিবৰ বাবে কেন্দ্ৰীয় সমিতিত দলটোৱে সৃষ্টি কৰিছে বহুকেইটা নতুন পদবীৰো ৷

"সাংগঠনিক বিষয়ত সংবিধান সংশোধন কৰা হৈছে। তৃণমূলৰ কৰ্মীক গুৰুত্ব দিবলৈ সংশোধনী ঘটোৱা হৈছে। তৃণমূল পৰ্যায়ত দলক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দি এই সংবিধান সংশোধনী ঘটোৱা হৈছে। চছিয়েল মিডিয়াত এতিয়াৰ পৰা আমি যথেষ্ট গুৰুত্ব দিম" কেতবোৰ বিষয়ক লৈ এইদৰে ক'লে কমলা কলিতাই ৷ আনহাতে নতুন ছাত্ৰ সংগঠন খোলাত AASU বা AJYCPৰ অগপৰ সংঘাত হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত এইদৰে ক'লে অগপ নেতা কেশৱ মহন্তই—
"সমভাৱাপন্ন জাতীয়তাবাদী ছাত্ৰ সংগঠন আছু এজেৱাইচিপি ৰ লগত সু সমন্বয়ৰে আগবাঢ়িব অগপৰ ছাত্ৰ সংগঠন। আছু এজেৱাইচিপিৰে সংঘাতৰ কোনো প্ৰশ্নই নুঠে ৷"
আৰু চাওক পৰৱৰ্তী বাতৰি