মুখ্যপৃষ্ঠা »খবৰ »অসম »Foundation Day of AGP : অসম গণ পৰিষদ দলৰ ৩৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন

Foundation Day of AGP : অসম গণ পৰিষদ দলৰ ৩৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা স্থাপন

আঞ্চলিকতাবাদেহে অসমৰ সমস্যা সমাধান কৰিব পাৰিব বুলি প্ৰাক্তন বিধায়কগৰাকীয়ে মন্তব্য কৰে ৷

আঞ্চলিকতাবাদেহে অসমৰ সমস্যা সমাধান কৰিব পাৰিব বুলি প্ৰাক্তন বিধায়কগৰাকীয়ে মন্তব্য কৰে ৷

আঞ্চলিকতাবাদেহে অসমৰ সমস্যা সমাধান কৰিব পাৰিব বুলি প্ৰাক্তন বিধায়কগৰাকীয়ে মন্তব্য কৰে ৷

  • Share this:
অসম গণ পৰিষদ দলৰ  অহা ১৪ অক্টোবৰত  হ'বলগীয়া ৩৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লাইখুঁটা আজি বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত স্হাপন কৰা হয় ৷ বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ডাঃ তাৰা প্ৰসাদ দাস, প্ৰাক্তন বিধায়ক ভুপেন ৰয়ৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে ৷

বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা অগপৰ সভাপতি গুণীন্দ্ৰ নাথ দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে প্ৰতিষ্ঠা দিৱসত  ৫০ হাজাৰৰ পৰা ১ লাখ লোকৰ সমাগম হ'ব ৷ অগপৰ এই প্ৰতিষ্ঠা দিৱসৰ পৰাই নামনি অসমৰ ৪০খন বিধানসভাকে শক্তিশালী কৰি তুলিব ৷

আগন্তুক দিনত অগপই অসমত ভালকৈ খোপনি পুতিব পাৰিব বুলি আশা ব্যক্ত কৰে ৷ অসম গণ পৰিষদ দল শক্তিশালী হ'লেহে অসমৰ উন্নয়ন হ'ব বুলিও প্ৰাক্তন বিধায়কগৰাকীয়ে মন্তব্য কৰে ৷

ৰাষ্ট্ৰীয়তাবাদী দলতকৈ জাতীয়তাবাদী দল বেছি শক্তিশালী হ'লে অসমৰ জনসাধাৰণৰ ভাব-আৱেগ, দুখ-বেদনা আঞ্চলিক দলে ভালদৰে বুজি পায় আৰু কথা কোৱাৰ সুবিধা থাকে বুলি উল্লেখ কৰে ৷ আঞ্চলিকতাবাদেহে অসমৰ সমস্যা সমাধান কৰিব পাৰিব বুলি প্ৰাক্তন বিধায়কগৰাকীয়ে মন্তব্য কৰে ৷

আগন্তুক ২০২৪ৰ লোকসভাত মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টীয়ে বৰপেটা লোকসভা সমষ্টিটো অগপক এৰি দিব বুলি আশাবাদী বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস ৷

শেহতীয়া বাতৰি