உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Tinsukia ASI Suspended : নাবালকক গুৰুলা–গুৰুলকৈ প্ৰহাৰ, কাকপথাৰ থানাৰ ASIক নিলম্বন

    Tinsukia ASI Suspended : নাবালকক গুৰুলা–গুৰুলকৈ প্ৰহাৰ, কাকপথাৰ থানাৰ ASIক নিলম্বন

    আৰক্ষীৰ দলটোৱে নাবালক ছাত্রজনক মৰিয়াই, ঘুচিয়াই অচেতন অৱস্থাত কাকপথাৰ আৰক্ষী থানালৈ লৈ আনে৷

    আৰক্ষীৰ দলটোৱে নাবালক ছাত্রজনক মৰিয়াই, ঘুচিয়াই অচেতন অৱস্থাত কাকপথাৰ আৰক্ষী থানালৈ লৈ আনে৷

    আৰক্ষীৰ দলটোৱে নাবালক ছাত্রজনক মৰিয়াই, ঘুচিয়াই অচেতন অৱস্থাত কাকপথাৰ আৰক্ষী থানালৈ লৈ আনে৷

    • Share this:
    নাবালকক প্ৰহাৰ কৰাৰ অভিযোগত কাকপথাৰ থানাৰ ASIক নিলম্বন। কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাগড়ত আৰক্ষীয়ে এজন  ছাত্ৰক বিনা কাৰণত মাৰপিট কৰা ঘটনাক লৈ সোমবাৰে উত্তপ্ত হৈ পৰিছিল কাকপথাৰৰ আৰক্ষী থানাৰ চৌহদ।

    উল্লেখ্য যে, কাকপথাৰ আৰক্ষী থানাৰ ASI হেমন্ত হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ কামাণ্ডোৰ এটা দলে এগৰাকী নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা এজন ছাত্ৰক বিনা কাৰণত নিশা দোকানৰ ভিতৰত শুই থকা অৱস্থাত দোকান ভাঙি সোমাই বেয়াকৈ মাৰপিট কৰিছিল৷ আৰক্ষীৰ দলটোৱে নাবালক ছাত্রজনক মৰিয়াই, ঘুচিয়াই অচেতন অৱস্থাত কাকপথাৰ আৰক্ষী থানালৈ লৈ আনে৷

    আৰক্ষীয়ে ছাত্ৰজনক ইমান বেয়াকৈ মাৰপিট কৰে যে ছাত্ৰজন খোজ কাঢ়িব নোৱাৰা অৱস্থা হৈ পৰে৷ ঘটনাটোৰ বিষয়ে অঞ্চলজুৰি খবৰ বিয়পি পৰাৰ লগে লগে মৰাণ ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে সোমবাৰে কাকপথাৰ আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰি ঘটনা সংঘটিত কৰা আৰক্ষীৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

    ২৪ ঘন্টাৰ ভিতৰত দোষী আৰক্ষী বিষয়াক শাস্তি প্ৰদান নকৰিলে ইয়াতকৈ তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছিল মৰাণ ছাত্ৰ সন্থাৰ লগতে স্থানীয় শ শ ৰাইজে৷ তাৰ পিছতেই তিনিচুকীয়া জিলাৰ SP আৰু কাকপথাৰৰ CIৰ তৎপৰতাত নাৱালকক প্ৰহাৰ কৰা ঘটনাটোৰ মুখ্য অভিযুক্ত কাকপথাৰ আৰক্ষী থানাৰ ASI হেমন্ত হাজৰিকাক চাকৰিৰ পৰা তৎকালীনভাৱে মঙলবাৰে নিলম্বন কৰা হয়।

    হেমন্ত হাজৰিকাক তৎকালীনভাৱে নিলম্বন কৰাৰ লগতে ঘটনাৰ সৈতে জড়িতৰ অভিযোগত চাৰিগৰাকী Commando আৰু বাহনৰ চালকজনকো অন্য স্থানলৈ বদলি কৰা হৈছে বুলি জানিবলৈ দিয়ে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে। ঘটনা উচিত তদন্তৰ  বৰ্তমানেও অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে। ইতিমধ্যে আহত কিশোৰজনৰ চিকিৎসাৰ বাবেও অসম আৰক্ষীৰ ফালৰ পৰা আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
    Published by:Sanjay Kumar Das
    First published: