ভাল থানালৈ বদলি বিচাৰি ১০ হাজাৰ টকা উৎকোচ দিবলৈ গৈ হাতে-লোটে গ্ৰেপ্তাৰ হ'ল নগাঁৱৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শক। নগাঁও আৰক্ষী ছাউনীত কৰ্মৰত আব্দুল মতলিব নামৰ সহকাৰী উপ-পৰিদৰ্শক গৰাকীয়ে নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক (সদৰ) ত্ৰিদিৱ কুমবাঙক আজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ১০ হাজাৰ টকা উৎকোছ দিবলৈ বিচাৰে। কিন্তু উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে এই বিষয়ে লগে লগে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেক অৱগত কৰাত তেওঁ আব্দুল মতলিবক আটক কৰে।
ইতিমধ্যে আব্দুল মতলিবৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙে। এই সংক্ৰান্তত নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি আব্দুল মতলিবৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰে।
উল্লেখযোগ্য যে, থানালৈ বদলিৰ বাবে শীৰ্ষ বিষয়াক উৎকোচ দিয়া কাৰ্যই বৰ্তমানেও আৰক্ষী থানাসমূহত চলি থকা দুৰ্নীতিৰ কথাকেই পুনৰ প্ৰমাণ কৰিলে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 02, 2022, 15:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।