অহা ৩০ অক্টোবৰত হ'ব লগা উপ-নিৰ্বাচনত ২৮নং গোসাঁইগাঁও সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ সমৰ্থনত আজি বিজেপি, জিএছপি, এজিপি আৰু ইউপিপিএল দলৰ নেতা-কৰ্মীসকলক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত সভাৰ জৰিয়তে ইউপিপিএল দলৰ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ উপ-নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰে আৰু গোসাঁইগাঁৱত ইউপিপিএলৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে।
আজি গোসাঁইগাঁৱত ইউপিপিএলৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰি কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে কয়– বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী গোসাঁইগাঁও বিধানসভা সমষ্টিত জয়ী হোৱাটো নিশ্চিত। আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো প্ৰাৰ্থীয়ে নাই।
বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কোৱা বিজেপি-বিপিএফৰ মিত্ৰতাৰ কথা নস্যাত কৰি তেওঁ কয়– ''বিজেপি আৰু বিপিএফৰ মাজত কোনো মিত্ৰতা নাই। বৰ্তমানেও আমাৰ ইউপিপিএলৰ লগত মিত্ৰতা অটুট আছে। আজি আমি মিত্ৰদল ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ গোসাঁইগাঁৱত ইউপিপিএলৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰিবলৈ আহিছোঁ। বিপিএফৰ চলাহি কথাত বিশ্বাস নকৰিবলৈ মন্ত্ৰী সিংঘালে উল্লেখ কৰে।
তেওঁ লগতে কয়– আমি ইয়াত দেখা পাইছোঁ ৰাইজে ইয়াত বিজেপি মিত্ৰজোঁটৰ বাহিৰে কোনো ৰাজনৈতিক দলক আঁকোৱালি লোৱা নাই, বিশেষকৈ সমষ্টিটোত এইবাৰ বিপিএফৰ অৱস্থা খুব বেয়া। এইবাৰ বিপিএফে নিৰ্বাচনত চতুৰ্থ স্থানত থাকিব। আমি ৭০ হাজাৰতকৈ বেছি ভোট লাভ কৰিম। পঁচিশ হাজাৰতকৈ বেছি ভোটত জিকিব আমাৰ মিত্ৰদলৰ প্ৰাৰ্থী।
উক্ত সভাত ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা কোকৰাঝাৰ জিলা দায়িত্বত থকা অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, বিটিচিৰ কাৰ্য্যবাহী সদস্য,পৰিষদীয় সদস্যকে ধৰি চাৰিওটা দলৰ কৰ্মী–সমৰ্থক উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|