হোজাই জিলাৰ প্ৰাক্তন উপায়ুক্তই নিলম্বন কৰা ২৮ গৰাকী আশা কৰ্মীৰ নিলম্বন প্ৰত্যাহাৰৰ দাবী জনায়।
হোজাই জিলাৰ প্ৰাক্তন উপায়ুক্তই নিলম্বন কৰা ২৮ গৰাকী আশা কৰ্মীৰ নিলম্বন প্ৰত্যাহাৰৰ দাবী জনায়।
হোজাই জিলাৰ ২৮ গৰাকী আশাকৰ্মীৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত আজি হোজাই জিলা আশা কৰ্মী সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। হোজাইৰ শংকৰদেৱ নগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিয়লি আশা কৰ্মীসকলে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি হোজাই জিলাৰ প্ৰাক্তন উপায়ুক্তই নিলম্বন কৰা ২৮ গৰাকী আশা কৰ্মীৰ নিলম্বন প্ৰত্যাহাৰৰ দাবী জনায়।
ইয়াৰ উপৰি চৰকাৰী চিকিৎসালয়ত চিকিৎসক আৰু নাৰ্ছে সন্তান প্ৰসৱ কৰাৰ সময়ত ৰোগীৰ আত্মীয়ৰ পৰা আশা কৰ্মীৰ জৰিয়তে ধন সংগ্ৰহ কৰোৱাৰ অভিযোগ উত্থাপন কৰি ধন লোৱা কাৰ্যৰ বিৰুদ্ধেও এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।লগতে ৰোগীৰ আত্মীয়ৰ পৰা বিচৰা ধন কোনোবাই দিবলৈ অমান্তি হ’লে চৰকাৰী চিকিৎসালয়ৰ পৰা ব্যক্তিগত নাৰ্ছিং হোমলৈ বিভিন্ন অজুহাত দেখুৱাই চিকিৎসকে প্ৰেৰণ কৰে বুলিও উত্থাপিত হৈছে অভিযোগ। জিলা আশা কৰ্মীৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ প্ৰায় দুই শতাধিক আশাকৰ্মী উপস্থিত থাকি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|