লক্ষ্য বিজেপিক উৎখাত কৰা, অসম জাতীয় পৰিষদক পূৰ্ণ সমৰ্থন ASDCৰ

News18 Assam | News18-Assam
Updated:October 18, 2020, 5:36 PM IST
লক্ষ্য বিজেপিক উৎখাত কৰা, অসম জাতীয় পৰিষদক পূৰ্ণ সমৰ্থন ASDCৰ
দেওবাৰৰ সভাত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকন উপস্থিত আছিল।

দেওবাৰৰ সভাত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকন উপস্থিত আছিল।

  • Share this:
আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদক পূৰ্ণ সমৰ্থনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পাহাৰীয়া জিলা তিনিখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল ASDCয়ে। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল হ’ল ASDC। ASDCৰ মুৰব্বী চন্দ্ৰকান্ত টেৰাঙৰ নেতৃত্বত এটি সজাতী দলে দেওবাৰে গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত দলটোৰ নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত লিপ্ত হয়।

উল্লেখযোগ্য যে ১৯৯৬ চনৰ বিধান সভা নিৰ্বাচনত তিনিওখন জিলাৰ আটাইকেইটা সমষ্টিতে এএছডিচি দলৰ প্ৰাৰ্থী বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। দেওবাৰৰ সভাত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকন উপস্থিত আছিল। আগন্তুক নিৰ্বাচনত পাহাৰীয়া জিলাৰ পাঁচটা সমষ্টিত বিজেপি আৰু কংগ্ৰেছক পৰাজিত কৰাৰ হুংকাৰ দিয়ে দুয়োটা দলৰ নেতৃত্বই।
Published by: Sanjay Kumar Das
First published: October 18, 2020, 5:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading