• Home
  • »
  • News
  • »
  • assam
  • »
  • New SOP: আজি চূড়ান্ত কৰা হ'ব নতুন SOP, আন্তঃজিলা যাতায়াত আৰম্ভ হোৱাৰ ইংগিত, ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব পাৰে বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠদান

New SOP: আজি চূড়ান্ত কৰা হ'ব নতুন SOP, আন্তঃজিলা যাতায়াত আৰম্ভ হোৱাৰ ইংগিত, ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব পাৰে বিদ্যালয়, মহাবিদ্যালয়ৰ পাঠদান

পিছে কোন কোন দিশত থাকিব শিথিলতাঃ

পিছে কোন কোন দিশত থাকিব শিথিলতাঃ

পিছে কোন কোন দিশত থাকিব শিথিলতাঃ

  • Share this:
ৰাজ্যত ক্ৰমান্বৰে উন্নত হৈছে কোভিড পৰিস্থিতি। মঙলবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব নতুন SOP। প্ৰকাশ পাবলগীয়া নতুন SOP আজি চূড়ান্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, কাইলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰিব প্ৰকাশ কৰিব নতুন SOP।

পিছে কোন কোন দিশত থাকিব শিথিলতাঃ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন SOP অনুসৰি,  আন্তঃজিলা যাতায়ায় আৰম্ভ হোৱাৰ এক ইংগিত প্ৰদান কৰে। সেইদৰে অহা ছেপ্তেম্বৰ মাহৰ পৰা ৰাজ্যৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰো সম্ভাৱনা ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আমাৰ হাতত আহি পৰা তথ্য মতে,  SOP প্ৰকাশ পালেও ৰাজ্যত নিশাৰ ভাগত সান্ধ্য আইন জাৰি ৰখাৰ সম্ভাৱনা আছে। নিশা ৬ বা ৭ বজাৰ পৰা পুৱা ৫ বজালৈকে বাহাল থাকিব পাৰে সান্ধ্য আইন। সেইদৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত গাড়ীৰ যুগ্ম আৰু অযুগ্ম নম্বৰৰ ভিত্তিত প্ৰথম পৰ্যায়ত আৰম্ভ হোৱাৰো ইংগিত ইয়াৰ পূৰ্বে দি থৈছিল মুখ্যমন্ত্ৰী শৰ্মাই।
Published by:Himangshu Bhuyan
First published: