• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ স্কুলৰ দুৰৱস্থা : ১২.৭%ত আছে কম্পিউটাৰৰ সুবিধা, ৫.৮২%ত ইণ্টাৰনেট সেৱা

অসমৰ স্কুলৰ দুৰৱস্থা : ১২.৭%ত আছে কম্পিউটাৰৰ সুবিধা, ৫.৮২%ত ইণ্টাৰনেট সেৱা

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে জাৰি কৰা বছেৰেকীয়া প্ৰতিবেদনত ফাদিল হৈছে এই তথ্য।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে জাৰি কৰা বছেৰেকীয়া প্ৰতিবেদনত ফাদিল হৈছে এই তথ্য।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে জাৰি কৰা বছেৰেকীয়া প্ৰতিবেদনত ফাদিল হৈছে এই তথ্য।

  • Share this:
সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা প্ৰতিবেদনত ফাদিল হৈছে অসমৰ বিদ্যালয়সমূহৰ দুৰৱস্থা। অসমৰ সৰ্বমুঠ বিদ্যালয়ৰ মাত্ৰ ১২.৭ শতাংশত আছে প্ৰায়োগিক কম্পিউটাৰৰ সুবিধা (Functional Computer Facility)। আৰু মাত্ৰ ৫.৮২ শতাংশ স্কুলত আছে ইণ্টাৰনেট সংযোগ। বৃহস্পতি বাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰত্যক্ষভাৱে পৰিচালিত Unified District Information System For Education Plus চমুকৈ UDISE–এ প্ৰকাশ কৰা ১৪১পৃষ্ঠাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। এই প্ৰতিবেদন ২০১৯-২০ শিক্ষা বৰ্ষৰ। প্ৰতিবেদনখনত বিস্তৃত ৰূপত দেশৰ বিদ্যালয়সমূহৰ অৱস্থাৰ এক আভাস দিবলৈ প্ৰয়াস কৰা হৈছে।

আধুনিক শিক্ষা ব্যৱস্থাৰ কম্পিউটাৰ আৰু ইণ্টাৰনেট এক অপৰিহাৰ্য অংগ। তেনেস্থলত অসমৰ লক্ষ-লক্ষ ছাত্ৰ-ছাত্ৰী ইয়াৰ পৰা বঞ্চিত হোৱাৰ এই তথ্যই আচৰিত কৰি তুলিছে সচেতন মহলক। বিদ্যালয়সমূহৰ প্ৰায়োগিক কম্পিউটাৰ সুবিধাৰ তালিকাত অসমৰ স্থান দেশৰ ভিতৰতে সৰ্বনিম্ন আৰু ৰাষ্ট্ৰীয় হাৰতকৈ ২৪ শতাংশ অৱনমিত। সমগ্র দেশৰ ৩৭ শতাংশ বিদ্যালয়ত কম্পিউটাৰৰ সুবিধা উপলব্ধ। অন্যহাতেদি ইণ্টাৰনেটৰ বেলিকা অসমে মাথোঁ মেঘালয়, ত্ৰিপুৰা আৰু লাডাখকহে পিছ পেলাবলৈ সক্ষম হৈছে।

অসমত সৰ্বমুঠ বিদ্যালয়ৰ সংখ্যা ৬৫,৯০৭খন। তাৰে ৪৭,১৫৭খন চৰকাৰী, ৫০২৪খন চৰকাৰী সাহায্যপ্ৰাপ্ত, ৬০৭৪খন বেচৰকাৰী আৰু ৭৬৫২খন অন্যান্য। চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা আৰু শোচনীয়। এইসমূহৰ মাত্ৰ ১১.৪৪ শতাংশ স্কুলতহে কম্পিউটাৰৰ সুবিধা আছে আৰু ৪.৩২ শতাংশ স্কুলত ইণ্টাৰনেট সংযোগ উপলব্ধ।

উল্লেখযোগ্য যে সমগ্ৰ দেশৰে ৩৭ শতাংশ বিদ্যালয়ত কম্পিউটাৰ আছে আৰু ২২শতাংশ স্কুলত ইণ্টাৰনেট সংযোগ আছে। অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্থিতি তুলনামূলকভাৱে উন্নত। মুঠ ৬০৭৪খন বিদ্যালয়ৰ ৪৩ শতাংশত কম্পিউটাৰ আছে আৰু ২৬.৪৬ শতাংশত ইণ্টাৰনেটৰ ব্যৱস্থা আছে। ভাৰতবৰ্ষৰ স্কুলীয়া শিক্ষা ব্যৱস্থা সমগ্ৰ বিশ্বতে সৰ্ববৃহৎ। আমাৰ দেশত ১৫ লাখ স্কুল আছে, এইসমূহত ৯৭ লাখ শিক্ষক নিয়োজিত হৈছে আছে আৰু ২৬.৫ কোটি শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে।
Published by:Sanjay Kumar Das
First published: