২৬ জুলাইত নগাঁও জিলাৰ লাওখোৱা বনাঞ্চলৰ সমীপত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আশ্বিনী মণ্ডল নামৰ লোকজন৷ হাতীৰ আক্ৰমণত মণ্ডলৰ মূৰৰ আগফাল দুফাল হোৱাৰ লগতে এৰাই গৈছিল ছাল৷ হাতীৰ আক্ৰমণৰ পিছতে মণ্ডলক লৈ যোৱা হৈছিল লাওখোৱা স্বাস্থ্য কেন্দ্ৰলৈ। কিন্তু তাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ দিয়ে৷
বন বিভাগৰ লোকে মণ্ডলৰ চিকিৎসাৰ বাবে যোগাযোগ কৰে গুৱাহাটীৰ আৰ্য চিকিৎসালয়ৰ সৈতে৷ বন বিভাগৰ লোকে ২৬ জুলাইৰ সন্ধিয়া ভৰ্তি কৰে আৰ্য হাস্পতালত৷ চিকিৎসালয়খনৰ তিনিজনীয়া চিকিৎসকৰ দল ক্ৰমে ডাঃ অভিজৎ নেওগ, ডাঃ ৰাজীব বৰা আৰু বুলেন ফুকনে আৰম্ভ কৰে মণ্ডলৰ চিকিৎসা৷ কেইবাঘণ্টা জুৰি কৰা অস্ত্ৰোপ্ৰচাৰৰ অন্তত মণ্ডলৰ লাওখোলা জোৰা লগাবলৈ সক্ষম হয়৷
আনহাতে, মণ্ডলৰ চিকিৎসাৰ খৰচো বহন কৰিছে চিকিৎসালয়খনে৷ অকল দৰবৰ বাবে ৫৫০০ টকাহে বহন কৰিব লাগিব অশ্বিনী মণ্ডলৰ পৰিয়ালে৷ "অতি কঠিন আছিল মণ্ডলৰ চিকিৎসা৷ কাৰণ লাওখোৱা দুফাল হোৱাৰ ওপৰি মূৰৰ ছাল এৰাই গৈছিল চকু পৰ্যন্ত৷ বন বিভাগৰ অনুৰোধত আমি তিনিজনীয়া চিকিৎসকৰ দলে চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগে লগে আৰম্ভ কৰিছিলো চিকিৎসা৷ আৰু কেইবাঘণ্টা জুৰি কৰা অস্ত্ৰোপ্ৰচাৰৰ অন্তত সফলতাৰে আমি সুস্থ কৰিব পাৰিলো।" – ক’লে অস্ত্ৰোপ্ৰচাৰ সফলতাৰে সম্পাদন কৰা ডাঃ অভিজিৎ নেওগে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|