
মহাপুৰুষগৰাকীৰ প্ৰতি দিল্লীৰ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনে ৰাজ্যবাসীক স্বাভাৱিকতে আনন্দিত কৰিছে।
মহাপুৰুষগৰাকীৰ প্ৰতি দিল্লীৰ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনে ৰাজ্যবাসীক স্বাভাৱিকতে আনন্দিত কৰিছে।
অসমৰ সমাজ জীৱনৰ প্ৰাণপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথি উপলক্ষে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জগতগুৰুজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অৰবিন্দ কেজৰিৱালে অসমীয়া ভাষাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
অসমৰ মহাপুৰুষগৰাকীৰ প্ৰতি দিল্লীৰ মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনে ৰাজ্যবাসীক স্বাভাৱিকতে আনন্দিত কৰিছে।
উল্লেখ্য, দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সম্প্ৰতি অসমৰ মুখ্যমন্ত্ৰীৰ টুইটাৰত বাক্যযুদ্ধ চলি থকাৰ সময়তে কেজৰিৱালে অসমীয়া ভাষাত শ্ৰীমন্ত শংকৰদেৱলৈ শতকোটি প্ৰণাম জনাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰা টুইটে বিশেষ তাত্পৰ্য বহন কৰা বুলিও সচেতন মহলত চৰ্চা হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|