লক্ষ্য লোকসভা আৰু পঞ্চায়ত নিৰ্বাচন। সেই উদ্দেশ্যৰে অসমত ৰণডংকা বজাবলৈ অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ প্ৰতিষ্ঠাপক অৰবিন্দ কেজৰিৱাল। ২ এপ্ৰিলত অসমলৈ আহি কেজৰিৱালে অসমৰ ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে ৰাখিব ভাষণ। একপ্ৰকাৰ নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টিৰে ৰণডংকা বজাবলৈ আগমন ঘটিব অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal)।
গুৱাহাটী মহানগৰীৰ সোণাৰাম খেলপথাৰত হ'বলগীয়া জনসভাৰ বাবে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে আপৰ নেতৃত্বই। দিনৰ ১২ বজাৰ পৰা হ'বলগীয়া এই সভাত খেলপথাৰত আপৰ সমৰ্থকৰে ভৰি পৰিব বুলি আশা প্ৰকাশ কৰিছে আপৰ নেতৃত্বই।
দিনৰ ২ বজাত জনসভাত কেজৰিৱালে অংশগ্ৰহণ কৰাৰ পিছত পুনৰ দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰীজনে। কেজৰিৱালৰ লগতে বৰ্তমান জনপ্ৰিয় পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱৎ সিং মানেও উপস্থিত থাকিব জনসভাখনত। জনসভাত অংশগ্ৰহণ কৰাৰ বাহিৰে বাকী কোনো কাৰ্যসূচী অসমত ৰখা নাই অৰবিন্দ কেজৰিৱালে।
সোণাৰামৰ জনসভাত কোনো দল-সংগঠনৰ নেতাই যোগদান নকৰাৰ কথা প্ৰকাশ কৰিছে আপৰ উত্তৰ-পূবৰ প্ৰভাৰী ৰাজেশ শৰ্মাই। কেজৰিৱালৰ অসম আগমনে বিজেপি শাসিত অসমৰ ৰাইজৰ মন জয় কৰিব পাৰে নে নাই সেয়া সময়তহে লক্ষণীয় হ'ব। উল্লেখ্য যে অসমত আপৰ ভেটি শক্তিশালী কৰাৰো লক্ষ্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।
Published by: Gautam Barman
FIRST PUBLISHED : March 28, 2023, 20:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।