মুখ্যপৃষ্ঠা »খবৰ »অসম »সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হ'বনে? পৰেশ বৰুৱাৰ আহ্বানক কোনে জনালে সঁহাৰি?

সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হ'বনে? পৰেশ বৰুৱাৰ আহ্বানক কোনে জনালে সঁহাৰি?

নতুন আঞ্চলিক দলসমূহ একত্ৰিত নহ'লে ৰাইজে কেতিয়াও ক্ষমা নকৰিব বুলি দাবী কৰে পৰেশ বৰুৱাই৷

নতুন আঞ্চলিক দলসমূহ একত্ৰিত নহ'লে ৰাইজে কেতিয়াও ক্ষমা নকৰিব বুলি দাবী কৰে পৰেশ বৰুৱাই৷

  • Share this:
BJPক উৎখাত কৰাৰ বাবে নতুন সকলো আঞ্চলিক দল একত্ৰিত হোৱাৰ ক্ষেত্ৰত পুনৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই আহ্বান জনালে দলকেইটাৰ উপদেষ্টা মণ্ডলীক৷ পৰেশ বৰুৱাৰ এই আহ্বানক পিছে সঁহাৰি দিবনে উপদেষ্টাসকলে?

এটাৰ পিছত এটাকৈ এইখন অসমত বহুকেইটা ৰাজনৈতিক দলৰ জন্ম হৈছে৷ আছু-AJYCPৰ উদ্যোগত জন্ম হ'ল অসম জাতীয় পৰিষদ৷ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত এটা, অৰূপ বৰবৰাৰ নেতৃত্বত এটা আৰু KMSSৰ উদ্যোগত আন এটা ৰাজনৈতিক দল- ৰাইজৰ দলৰ জন্ম হ'ল৷ কিন্ত সকলো দলক একেখন মঞ্চত আহিবলৈ বাৰম্বাৰ অনুৰোধ কৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷

পৰেশ বৰুৱাই শনিবাৰেও জনালে আহ্বান৷ ইতিমধ্যে গঠন হোৱা আঞ্চলিক দল কেইটাৰ উপদেষ্টা মণ্ডলীক এইক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায় পৰেশ বৰুৱাই৷

নতুন আঞ্চলিক দলসমূহ একত্ৰিত নহ'লে ৰাইজে কেতিয়াও ক্ষমা নকৰিব বুলি দাবী কৰে পৰেশ বৰুৱাই৷

পৰেশ বৰুৱাৰ এই একত্ৰীকৰণৰ আহ্বানক দেওবাৰে সঁহাৰি জনালে জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই৷ বৰবৰাই ক'লে- “একত্ৰীকৰণ হ'বই লাগিব৷ একত্ৰীকৰণ নহ'লে ভোট বিভাজন হ'ব৷ সেয়ে আমি এখন মঞ্চত উপবিষ্ট হ'বলৈ চেষ্টা অব্যাহত ৰাখিছো৷”

নৱেম্বৰৰ ভিতৰত সমভাৱাপন্ন সকলো আঞ্চলিক শক্তি একত্ৰীকৰণ হোৱাৰ সম্ভৱনা আছে বুলি সদৰি কৰি অৰূপ বৰবৰাই ক'লে- “আমি বিষয়টো গুৰুত্বসহকাৰে লৈছো৷ সকলো সমভাৱাপন্ন দল একত্ৰিত হ'বই লাগিব৷ উপদেষ্টাসকলে অনুভৱ কৰিছো কথাটো আৰু আমি এইক্ষেত্ৰত মত-বিনিময়ো কৰিছো৷ আমি আপোচহীন নেতাক বিচাৰিছো, যি ৰাইজক সময়ত প্ৰতাৰণা নকৰে৷ নতুন মুখক আমি প্ৰাধান্য দিছো৷”

উল্লেখযোগ্য যে আঞ্চলিক শক্তি একত্ৰীকৰণ হ'লে শাসকীয় BJP দল আসন্ন ২০২১ৰ বিধান সভাৰ নিৰ্বাচনত যে শ'লঠেকত পৰিব, সেয়া প্ৰায় নিশ্চিত৷

শেহতীয়া বাতৰি