• Home
  • »
  • News
  • »
  • assam
  • »
  • ৪৫০০ কি: মি: পথ, ৯ খন ৰাজ্য অতিক্ৰম কৰি চাইকেলেৰে মাজুলীত উপস্থিত অৰূপ

৪৫০০ কি: মি: পথ, ৯ খন ৰাজ্য অতিক্ৰম কৰি চাইকেলেৰে মাজুলীত উপস্থিত অৰূপ

বন আৰু জল সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি চাইকেলেৰে যাত্ৰা সমগ্ৰ ভাৰতবৰ্ষত

বন আৰু জল সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি চাইকেলেৰে যাত্ৰা সমগ্ৰ ভাৰতবৰ্ষত

বন আৰু জল সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি চাইকেলেৰে যাত্ৰা সমগ্ৰ ভাৰতবৰ্ষত

  • Share this:
মানৱ জাতিৰ কল্যাণৰ বাবে বহু সাধাৰণ লোকেই সময়ে-সময়ে অসাধাৰণ কৰ্মৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । তেনে এগৰাকী ব্যক্তি হ'ল পশ্চিমবংগৰ অৰূপ বিশ্বাস । বন সংৰক্ষণ আৰু জল সংৰক্ষণৰ উদ্দেশ্য আগত লৈ জনসাধাৰণক এই বাৰ্তা দিবৰ বাবে প্ৰায় ৪৫০০ কি:মি: পথ, ৯ খন ৰাজ্য অতিক্ৰম কৰি আজি সন্ধিয়া মাজুলীত উপস্থিত হয় অৰূপ বিশ্বাস ।

২০২২ চনৰ ২৩ জানুৱাৰীত নেতাজী সুভাস চন্দ্ৰ বসুৰ জন্ম দিনৰ দিনাই পশ্চিমবংগৰ কাচৰাপাৰাৰ পৰা যাত্ৰা আৰম্ভ কৰা অৰূপ বিশ্বাসে দুদিনৰ বাবে মাজুলীত থাকি মাজুলীৰ পৰা অৰুণাচল প্ৰদেশলৈ যাত্ৰা আৰম্ভ কৰিব । ক'ভিড কালৰ পৰিস্থিতিত বিশ্ববাসীয়ে নিজৰ জীৱন ৰক্ষাৰ বাবে কৰা যি যুদ্ধ আৰু ভৱিষ্যৎ পৃথিৱীয়ে প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাৰ শংকাৰ ক্ষেত্ৰত মানৱ জাতিক অৱগত কৰি প্ৰকৃতি ৰক্ষাৰ বাৰ্তা প্ৰদানৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে অৰূপ বিশ্বাসে চাইকেলেৰে এই যাত্ৰা অব্যাহত ৰাখিব ।

পশ্চিমবংগৰ বিজপুৰ কাচৰাপৰাৰ পৰা যাত্ৰা আৰম্ভ কৰি ঝাৰখণ্ড, বিহাৰ, অসম, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আদি ৰাজ্য অতিক্ৰম কৰি মাজুলীত উপস্থিত হোৱা অৰূপ বিশ্বাসে দুদিন মাজুলীত কটাই চুবুৰীয়া ৰাজ্য অৰুণাচল অভিমূখে যাত্ৰা কৰিব । আজি সন্ধিয়া মাজুলীত উপস্থিত হোৱা অৰূপ বিশ্বাস মাজুলীবাসীৰ অতিথি পৰায়ণতাৰো শলাগ লয় ।

অৰূপ বিশ্বাসৰ চাইকেল খনত তেঁওৰ লাগতীয়াল সকলো সামগ্ৰী লৈ মানৱ জাতিৰ কল্যাণৰ বাবে অকলশৰে ওলাইছে এই যাত্ৰাত । নিশা হ'লেই অৰূপে জিৰণি লয় আৰু পুৱাতেই আৰম্ভ হ'য় তেঁওৰ যাত্ৰা । অৰূপ বিশ্বাসে কেইটামান টকা লৈ এই যাত্ৰা আৰম্ভ কৰিছিল আৰু তেঁওৰ এই যাত্ৰাত বহু হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াইছে বুলি ব্যক্ত কৰে ।
Published by:Manjumoni Borah
First published: