মুখ্যপৃষ্ঠা »খবৰ »অসম »কোকৰাঝাৰত অনুষ্ঠিত কেবিনেট বৈঠকত অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আৰু চৰকাৰী চাকৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

কোকৰাঝাৰত অনুষ্ঠিত কেবিনেট বৈঠকত অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আৰু চৰকাৰী চাকৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

১০ অক্টোবৰৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে ১২৫০ টকাকৈ লাভ কৰিব।

১০ অক্টোবৰৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে ১২৫০ টকাকৈ লাভ কৰিব।

  • Share this:
মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত কেবিনেট বৈঠকত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। তেখেতে অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আৰু চৰকাৰী চাকৰি সন্দৰ্ভত বৃহৎ ঘোষণা কৰে।

জানিব পৰা মতে ১০ অক্টোবৰৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে ১২৫০ টকাকৈ লাভ কৰিব। অৰুণোদয় আঁচনিৰ পৰা প্ৰায় ২০০০ হিতাধিকাৰীয়ে স্ব-ইচ্ছাই কৰ্তন কৰিছে নিজৰ নাম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰে অৰুণোদয় আঁচনিত নতুনকৈ সংযুক্ত কৰিব ৭ লাখ নতুন হিতাধিকাৰীৰ নাম। মন কৰিবলগীয়া যে, ২০ ছেপ্তেম্বৰত সামৰণি পৰিব অৰুণোদয় মাহৰ। ইতিমধ্যে ৬২ হাজাৰ হিতাধিকাৰীৰ নাম কৰ্তন হৈছে NCC কেডেটৰ ছাৰ্ভেত।

ৰেচন কাৰ্ডৰে সৈতে হিতাধিকাৰীয়ে সংযুক্ত কৰিব লাগিব আধাৰ কাৰ্ড অন্যথা লাভ নকৰিব ৰেচনৰ সামগ্ৰী। চৰকাৰে আধাৰ কাৰ্ড সংযোগ নকৰা ৫০ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰি নতুনকৈ ৫০ লাখ হিতাধিকাৰীক দিব ৰেচনৰ সুবিধা। নেচনেল ফুড চিকিউৰিটিৰ অধীনত দিয়া হ’ব এই ৰেচন কাৰ্ডৰ সুবিধা। জানিব পৰা মতে, ৫০ লাখ ব্যক্তিয়ে সংযোগ কৰা নাই ৰেচন কাৰ্ডেৰে আধাৰ কাৰ্ড।

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৱনুৱা যুৱক–যুৱতীলৈ আনিছে সুখবৰ। ২২ ছেপ্তেম্বৰত ১২ হাজাৰতকৈ অধিক যুৱক–যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব চৰকাৰে। ১০ হাজাৰৰ ভিতৰত থাকিব ৫ হাজাৰ APDCLৰ পদ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে আৰু লগতে কয় যে চৰকাৰে শীঘ্ৰেই ১০ হাজাৰ নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব। ইয়াৰোপৰি, ২৩ ছেপ্তেম্বৰত ৪ হাজাৰ জল মিত্ৰকো নিযুক্তি দিব চৰকাৰে।

উল্লেখযোগ্য যে, ১৫ ছেপ্তেম্বৰত দিয়া হ’ব কামাণ্ডো–বেটেলিয়ানৰ নিযুক্তিৰ ফলাফল। নতুন ফৰেষ্ট বেটেলিয়ান গঠনৰ জৰিয়তেও নতুন নিযুক্তি দিব চৰকাৰে।

দৰাচলতে চৰকাৰে অসমৰ যুৱক–যুৱতীক মুঠ ১ লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিৰ অন্তৰ্গত এই নিযুক্তি কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়। কিন্তু, চৰকাৰে ৪ হাজাৰ জল মিত্ৰৰ নিযুক্তিক এই এক লাখ নিৰ্ধাৰিত নিযুক্তিৰ ভিতৰত অন্তৰ্ভুক্ত নহয় বুলি প্ৰকাশ কৰে।

শেহতীয়া বাতৰি