মুখ্যপৃষ্ঠা »খবৰ »অসম »উপযুক্ত হিতাধিকাৰীয়েহে পাব অৰুণোদয় আঁচনিৰ সুবিধা, ঘৰে ঘৰে গৈ হিতাধিকাৰীৰ পুনৰীক্ষণ কৰিব চৰকাৰে ! নগাঁৱত বিত্তমন্ত্ৰী অজন্তা নেওগৰ মন্তব্য ...

উপযুক্ত হিতাধিকাৰীয়েহে পাব অৰুণোদয় আঁচনিৰ সুবিধা, ঘৰে ঘৰে গৈ হিতাধিকাৰীৰ পুনৰীক্ষণ কৰিব চৰকাৰে ! নগাঁৱত বিত্তমন্ত্ৰী অজন্তা নেওগৰ মন্তব্য ...

প্ৰকৃত হিতাধিকাৰীয়েহে পাব অৰুণোদয় আঁচনি। ঘৰত তিনি-চাৰিচকীয়া বাহন, ৰেফ্ৰিজাৰেটৰ আদি থকা হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। এতিয়াৰে পৰা ঘৰে ঘৰে গৈ হিতাধিকাৰী পুনৰীক্ষণ কৰিব ৰাজ্য চৰকাৰে ৷ 

  • Share this:

নগাঁও জিলাত নিয়োগ কৰা ৪৯৩ গৰাকী যুৱক-যুৱতীক বুধবাৰে নগাঁও জিলা পুথিভঁৰালৰ সভাগৃহত প্ৰশিক্ষণ প্ৰদান কৰে নগাঁও জিলা প্ৰশাসনে ৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পৰীক্ষণ আৰু পুনৰীক্ষণৰ এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে বিধায়ক জিতু গোস্বামী, শশীকান্ত দাস, ৰূপক শৰ্মা, নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ শ্বাহ আৰু সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰা ৷ শীঘ্ৰেই অনুপযুক্ত হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে।

ইপিনে দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহি বিজেপি চৰকাৰে ১লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্ৰসংগত কৰা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবেও চৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি মন্তব্য কৰে অজন্তা নেওগে। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয়, চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। শীঘ্ৰেই  ১লাখ নিবনুৱাক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব।

শেহতীয়া বাতৰি