মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে আমিনগাঁওৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডৰ বিশাল সভাত অৰুণোদয় আঁচনিখন মুকলি কৰে। ১২ গৰাকী হিতাধিকাৰীক মঙলবাৰে এই অৰুণোদয়ৰ সাহাৰ্যৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। আমিনগাঁও নুমলী জলাহ খেল পথাৰ বৃহৎ ৰাজহুৱা সভাখনত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল।
৫ ডিচেম্বৰৰ ভিতৰত সকলো হিতাধিকাৰীৰ একাউণ্টত ৮৩০ টকা সোমাব বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে দাবী কৰে যে এই অৰুণোদয় আঁচনিখনেই অসমৰ ইতিহাসৰ সবাতোকৈ বৃহত্তম প্ৰত্যক্ষ লাভজনক হস্তান্তৰ আঁচনি। আমিনগাঁওৰ মঙলবাৰৰ সভাত দিশপুৰ, হাজো, জালুকবাৰী, পলাশবাৰী, পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী, কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ সৰ্বসাধাৰণ লোকে অংশ লয়।
অৰুণোদয় আঁচনিৰ মহিলা হিতাধিকাৰীয়ে মাহিলী ৮৩০ টকাকৈ পাব। চৰকাৰে ৰাজ্যৰ ৩৩ খন জিলাৰ প্ৰতিটো সমষ্টিকে সাঙুৰি লব। সদ্যহাতে বিটিআৰ বাদ দি ২৯ খন জিলাত আঁচনি আৰম্ভ কৰা হৈছে। অবিবাহিত, বিবাহ বিচ্ছেদ হোৱা, স্বামীহাৰা তথা দিব্যাংগ লোক থকা দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীয়ে মাহেকৰ ৰেচনৰ সামগ্ৰী ক্ৰয় কৰাৰ বাবে এই ধন পাব। এই ধনৰাশিৰ ফলত বছৰত অতিৰিক্ত ১০,০০০টকা উপাৰ্জন হ’ব পৰিয়ালটোৰ। অৰুণোদয় আঁচনিৰ সুবিধা পোৱা পৰিয়ালৰ ঘৰৰ বাহিৰত লগ’ থাকিব। আঁচনিৰ কাৰণে চৰকাৰে মুঠ ২৮০০ কোটি টকা ধাৰ্য কৰিছে বাজেটত।
ৰাজ্যৰ দৰিদ্ৰতা নিৰ্মুল আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালক স্বাৱলম্বী কৰাৰ বাবে এই অভিলাসী আচনিখন হাতত লৈছে বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে এই আচনিখনৰ জৰিয়তে ৩৩ খন জিলাৰ ২২৭৭ খন পঞ্চায়তৰ লগতে নগৰ অঞ্চলৰ মুঠ ৯০ লাখ লোক উপকৃত হ’ব বুলি জনায়। উল্লেখযোগ্য যে এই আঁচনিৰ ধন পাবলৈ হলে বাসগৃহত এচি, ৱাচিং মেছিন, ৰেফ্ৰিজেৰটৰ থাকিব নালাগিব। চাকৰিয়াল ব্যক্তি থকা পৰিয়ালৰ আৰু প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়কৰ পৰিয়ালৰ লোকে এই আঁচনিৰ ধন নাপাব। মঙলবাৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ উপৰি মন্ত্ৰী সঞ্জয় কিষান, সুমন হৰিপ্ৰিয়া, কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ প্ৰমুখ্যে কেইবাগৰাকী বিধায়ক উপস্থিত আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|