আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত আয়োজিত 'উদ্ভাৱন উৎসৱ'ৰ দুদিনীয়া কাৰ্যসূচীৰ পাছত অৰুণাচলৰ হা টেডক প্ৰদান কৰা হ’ল 'দীননাথ পাণ্ডে স্মাৰ্ট আইডিয়া ইন'ভেছন বঁটা, ২০২০। হা টেডে উদ্ভাৱন কৰা ‘soft.spy’ নামৰ সজুঁলি বিধৰ বাবে প্ৰদান কৰা হয় এই বঁটা। উল্লেখযোগ্য যে, এই নতুন সঁজুলিৰ সহায়ত মটৰ চাইকেল তথা গাড়ীৰ গতিবেগ, নিৰ্দেশনা লাইট ইত্যাদিবোৰ সঠিক দিশত আছেনে নাই, তাক ৰেকৰ্ড কৰি ৰাখিব পাৰি৷
৯ আৰু ১০ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হোৱা এই উৎসৱত পশ্চিম বংগ আৰু ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ 40 টা উদ্ভাৱনী প্ৰকল্পৰ মাজৰ পৰা হা টেডে উদ্ভাৱন কৰা ‘soft.spy’ নিৰ্বাচন কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবদ্য।
উল্লেখযোগ্য যে, প্রয়াত দীননাথ পাণ্ডে আছিল ৰাজ্যখনৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞান কৰ্মী তথা উদ্ভাৱক। তেওঁ উদ্ভাৱন কৰা বিভিন্ন কাৰিকৰী যন্ত্ৰই ভাৰতক ক্ৰমবিকশিত হোৱাত সহায় কৰিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 09, 2020, 20:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।