• Home
  • »
  • News
  • »
  • assam
  • »
  • বৰফৰ শুকুলা আচ্ছাদনেৰে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু অৰুণাচল প্ৰদেশৰ মেছুকা

বৰফৰ শুকুলা আচ্ছাদনেৰে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু অৰুণাচল প্ৰদেশৰ মেছুকা

এই প্ৰচণ্ড তুষাৰপাত চাবলৈ বিভিন্ন ৰাজ্যৰ পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হৈছে।

এই প্ৰচণ্ড তুষাৰপাত চাবলৈ বিভিন্ন ৰাজ্যৰ পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হৈছে।

এই প্ৰচণ্ড তুষাৰপাত চাবলৈ বিভিন্ন ৰাজ্যৰ পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হৈছে।

  • Share this:
সুৰ্যোদয়ৰ ৰাজ্য অৰুণাচলৰ মেচুকাক যেন এতিয়া শুকুলা চাদৰে ঢাকিছে ৷ পৰ্যটকৰ আকৰ্ষণৰ থলী হৈ পৰিছে মেছুকা। এই প্ৰচণ্ড তুষাৰপাত চাবলৈ বিভিন্ন ৰাজ্যৰ পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হৈছে।

অসমৰ বিভিন্ন ঠাই, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য যেনে পাহাৰ, নদ-নদী আদিৰে আৱৰা উত্তৰ-পূৱলৈ প্ৰতিবছৰে লক্ষাধিক পৰ্যটকৰ আগমন হয়। অসমৰ অভয়াৰণ্য যেনে মানস ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অসমৰ বিশ্ববিখ্যাত এশিঙীয়া গড় ইত্যাদি চাবলৈ অসমত প্ৰায়েই পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা যায়। পৃথিৱীৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্য। ইয়াৰ ভিতৰত অন্যতম হৈছে ভাৰত–চীন সীমান্ত অৰুণাচল প্ৰদেশৰ মেছুকা। অৰুণাচল প্ৰদেশৰ মেছুকাৰ প্ৰাকৃতিক পৰিৱেশে পৰ্যটকক আকৰ্ষণ কৰি আহিছে। মেছুকা ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এক অংশ। ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ছি য়োমি জিলাৰ য়াৰ্গেপ চু/ চিয়োম নদীৰ মেচুখা উপত্যকাত সাগৰ পৃষ্ঠৰ পৰা ৬,০০০ ফুট (১,৮২৯ মিটাৰ) ওপৰেৰে অৱস্থিত এখন চহৰেই হ'ল মেছুকা। জানুৱাৰী মাহত অৰুণাচল প্ৰদেশৰ মেছুকাত শুকুলা বৰফৰ আচ্ছাদন দেখিবলৈ পোৱা যায়।

প্ৰতি বছৰৰ দৰে এইবছৰো মেছুকাৰ বৰফৰ শুকুলা চাদৰ চাবলৈ বিভিন্ন ৰাজ্যৰ পৰা নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহত পৰ্যটকৰ আগমন ঘটিছে। ছুইজাৰলেণ্ড, ইউৰোপ সদৃশ এখন ঠাই চাবলৈ, নিচেই সমীপৰে পৰা এবাৰ বৰফৰ সৌন্দৰ্য উপভোগ কৰিবলৈ প্ৰতিবছৰে মেছুকালৈ পৰ্যটকসকল আহে। মুঠৰ ওপৰত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত মেছুকাত চৌদিশে এতিয়া মাঁথো দেখা গৈছে বৰফৰ শুকুলা আচ্ছাদন।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি