অৰুণাচলত মৃত্যুমুখত পৰা শ্ৰমিক দম্পতীৰ মৃতদেহ আজি চিৰাঙত থকা নিজ বাসগৃহত আহি পায়। অৰুণাচল চৰকাৰে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাকৈ মৃতদেহ পঠিয়াই দিয়াত ক্ষোভিত পৰিয়াল তথা দল–সংগঠন।পৰিয়ালটোৰ ঘৰত জিলাৰ শীৰ্ষ বিষয়া উপস্থিত নোহোৱালৈকে মৃতদেহ জানাজা নকৰাৰ সিদ্ধান্ত পৰিয়ালৰ।
চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত নিজ দামুগাঁৱৰ বাসগৃহত আজি শোকাকুল পৰিৱেশে বিৰাজ কৰে। উল্লেখ্য যে ৩ ছেপ্টেম্বৰৰ মাজনিশা অৰুণাচলৰ টুকিঙত মিস্ত্ৰী ৰূপে কৰ্মৰত নিজ দামুগাঁৱৰ শ্ৰমিক দম্পতী ফাৰুক আলী (২৩) আৰু নুৰেজা খাতুনৰ ভাড়াঘৰত মৃতদেহ উদ্ধাৰ হৈছিল।
ঘটনাটোক স্বাভাৱিক মৃত্যু নহয় বুলি অভিযোগ উত্থাপন কৰি এয়া হত্যাকাণ্ড বুলি দাবী উত্থাপন কৰিছিল পৰিয়ালৰ লোকে। ঘটনা সংঘটিত হোৱাৰ নিশা দম্পতীটোৱে অৰুণাচলৰ পৰা ফোন কৰি দুবৃৰ্ত্তৰ দলে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মাৰপিট কৰা বুলি জানিবলৈ দিছিল৷
পৰৱৰ্তী সময়ত যোগাযোগ বিচ্ছিন্ন হৈ পৰা দম্পতীটোৰ সৈতে সংযোগ স্থাপনত ব্যৰ্থ হৈ ঘটনাৰ সবিশেষ আৰক্ষীক অৱগত কৰে ৷ অৰুণাচল আৰক্ষীৰ দল উপস্থিত হৈ ঘৰৰ ভিতৰত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে ৷ ঘটনাৰ বিষয়ে জানিব পাৰি পৰিয়ালৰ লোক অৰুণাচল প্ৰদেশত উপস্থিত হয় যদিও আৰক্ষীয়ে ঘটনাস্থলীত যোৱাত বাধা প্ৰদান কৰে।
ঘটনাৰ তদন্ত দূৰৰ কথা অৰুণাচল চৰকাৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন নকৰাকৈ মৃতদেহ ঘৰলৈ পঠিয়াই দিয়াত ৰহস্যৰ সৃষ্টি কৰিছে ৷ অৰুণাচল চৰকাৰে ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় এবিএমছুৱে। সেয়ে পৰিয়ালটোৰ ঘৰত চিৰাং জিলাৰ শীৰ্ষ বিষয়া উপস্থিত হৈ উপযুক্ত ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰে পৰিয়ালৰ লগতে এবিএমছুৱে।
মৃতদেহ জানাজা নকৰাৰ সিদ্ধান্ত লয় যদিও বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায় উপস্থিত হৈ তদন্তৰ আশ্বাস প্ৰদান কৰে ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক এখন এজাহাৰ দিবলৈ আহ্বান জনাই ঘটনাটোৰ উচিত তদন্ত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাত অৱশেষত মৃতদেহ দুটা জানাজা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিয়াল তথা স্থানীয় ৰাইজে।
Published by: Gautam Barman
FIRST PUBLISHED : September 07, 2022, 18:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।