অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ কাণুবাৰীৰ পৰা সোণাৰিৰ বৰুৱা নগৰত গৰু চোৰ কৰিবলৈ আহি জালত পৰিল এগৰাকী অৰুণাচলী যুৱক। যোৱা নিশা চৰাইদেউ জিলাৰ সোণাৰি বৰুৱানগৰৰ খৰিয়াভেটাৰপৰা গৰু চুৰি কৰিবলৈ আহিছিল অৰুণাচলী যুৱকজন। এই অৰুণাচল প্ৰদেশৰ গৰু চোৰটোৰ লগত আছিল বৃহত্তৰ সাপেখতী অঞ্চলৰ চাৰিখন গাৱঁৰ চাৰিটা অসমীয়া চোৰ।
ML-C5- R-0029 নম্বৰৰ এখন বলেৰ' পিক আপ বাহনত গৰু চোৰৰ বাবে অহা অৰুণাচলী যুৱকজনক কৰায়ত্ত কৰে স্থানীয় ৰাইজে। গৰু চুৰি কাৰ্যত জৰিত অঞ্চলটোৰ কেইটামান যুৱকে ফোনযোগে মতাত গৰু নিবলৈ আহিছিল চোৰটো। ঘটনা সন্দৰ্ভত ইতিমধ্যে বৰহাট আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।
আনহাতে গৰু চুৰিৰ লগত জড়িত বাকী৪ টা চোৰ বৰ্তমানে পলাতক ৷ ৰাইজৰ দাবী আৰক্ষীয়ে অতি সোনকালে কৰায়ত্ত কৰিব লাগে চোৰ কেইটাক ৷
বাইট-১/২-ভোক্তভোগী/স্থানীয় লোক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|