உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • প্ৰশাসনিক বিষয়া হোৱাৰ সপোন কলা শাখাত পঞ্চম স্থান প্ৰাপ্ত কাবেৰি কোঁচৰ

    প্ৰশাসনিক বিষয়া হোৱাৰ সপোন কলা শাখাত পঞ্চম স্থান প্ৰাপ্ত কাবেৰি কোঁচৰ

     ২০১৮ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰাণৰ চেন্ট জোচেফ হাইস্কুলৰ পৰা ৯০% নম্বৰসহ উত্তীৰ্ণ হোৱা কাবেৰিয়ে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ বাবে বিগত দুটা বছৰ নেৰানেপেৰা প্ৰচেষ্টা চলাইছিল ৷

    • Share this:
    আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিছে কাবেৰি কোঁচে ৷ মৰাণৰ তিলৈনগৰ গ্ৰাম্য বজাৰৰ অৰুনোদয় পথ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ কোঁচ আৰু অৰুণা কোঁচৰ একমাত্ৰ কন্যা কাবেৰিয়ে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷

    আজি পুৱা এই ফলাফল লাভ কৰাৰ পিছতে কাবেৰিৰ বাসগৃহত পৰিলক্ষিত হৈছে আনন্দমুখৰ পৰিবেশ ৷ ২০১৮ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মৰাণৰ চেন্ট জোচেফ হাইস্কুলৰ পৰা ৯০% নম্বৰসহ উত্তীৰ্ণ হোৱা কাবেৰিয়ে উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ বাবে বিগত দুটা বছৰ নেৰানেপেৰা প্ৰচেষ্টা চলাইছিল ৷

    আজৰি সময়ত ছবি আঁকি ভালপোৱা, উপন্যাস পঢ়ি ভালপোৱা কাবেৰিৰ লক্ষ্য ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ ৷ বৰ্তমান কটন মহাবিদ্যালয়ত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে কাবেৰিয়ে ।
    First published: