• Home
  • »
  • News
  • »
  • assam
  • »
  • Durga Puja: ফিউজ যোৱা বাল্বেৰে আটকধুনীয়া দুৰ্গা প্ৰতিমা নিৰ্মাণ অসমৰ শিল্পীৰ

Durga Puja: ফিউজ যোৱা বাল্বেৰে আটকধুনীয়া দুৰ্গা প্ৰতিমা নিৰ্মাণ অসমৰ শিল্পীৰ

এই প্ৰতিমাই ধুবুৰী সবুজ সংঘৰ দুৰ্গা পূজা মণ্ডপৰ শোভা বৰ্ধন কৰিব বুলি জানিব পৰা গৈছে।

এই প্ৰতিমাই ধুবুৰী সবুজ সংঘৰ দুৰ্গা পূজা মণ্ডপৰ শোভা বৰ্ধন কৰিব বুলি জানিব পৰা গৈছে।

এই প্ৰতিমাই ধুবুৰী সবুজ সংঘৰ দুৰ্গা পূজা মণ্ডপৰ শোভা বৰ্ধন কৰিব বুলি জানিব পৰা গৈছে।

  • Share this:

কোনো বস্তুৱে পেলনীয়া নহয়, কাৰণ পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ হ'ব পাৰে আটকধুনীয়া শিল্পকৰ্ম। তেনে এক সুন্দৰ চিন্তাৰ প্ৰতিফলন দেখা গৈছে এজন শিল্পীৰ শিল্প কৰ্মত। আপুনি কল্পনা কৰিব নোৱৰা পেলনীয়া ফিউজ বাল্বেৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে এইখন ৰাজ্যৰে এজন শিল্পীয়ে।


শাৰদীয় দুৰ্গাপূজালৈ মাজত মাথোঁ কেইটামান দিন। কিন্তু কোৰোণা মহামাৰীৰ দ্বিতীয় ঢৌৰ পিছৰ এইবাৰৰ পূজাত এতিয়াও নাই তেনে কোনো  জাকজমকতা। চৰকাৰেও দুৰ্গাপূজাক লৈ জাৰি কৰিছে SOP। তথাপি ধৰ্মীয় উৎসৱ পালন কৰাৰ বাবে সাজু জনতা।


ইয়াৰ মাজতে প্ৰতিবছৰৰ দৰে ধুবুৰীৰ এজন বিশিষ্ট যুৱ শিল্পী প্ৰদীপ কুমাৰ ঘোষে  পূজা উপলক্ষে অভিনৱ শিল্প কৰ্ম অব্যাহত ৰাখিছে। প্ৰায় এহেজাৰ পৰিত্যক্ত বৈদ্যুতিক বাল্বেদি শিল্পীজনে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে দেৱী দুৰ্গাৰ অপৰূপ প্ৰতিমা।


বিগত আঠ মাহে বন্ধু–বান্ধৱৰ পৰা বিভিন্ন আকৃতিৰ  ফিউজ এলইডি বাল্ব, চিআইএফএল বাল্বৰ লগতে টিউব লাইট সংগ্ৰহ কৰি তৈয়াৰ কৰি আছে আটকধুনীয়া শিল্প কৰ্ম। প্ৰতিদিনে তিনি চাৰি ঘন্টা পৰিশ্ৰম কৰি শিল্পী প্ৰদীপ কুমাৰ ঘোষে সাজি উলিওৱা ফিউজ বাল্বৰ দুৰ্গা প্ৰতিমাৰ চৰ্চা এতিয়া সমগ্ৰ চহৰতে।


ইতিমধ্যে প্ৰদীপ ঘোষৰ প্ৰতিমাই ধুবুৰী সবুজ সংঘৰ দুৰ্গা পূজা অৰ্থাৎ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পূজা কমিটীৰ মণ্ডপৰ শোভা বৰ্ধন কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে পূৰ্বতে এনেধৰণৰ বহু অভিনৱ শিল্পকলাৰে শিল্পী প্ৰদীপ কুমাৰ ঘোষে ৰাইজৰ সমাদৰ  লাভ কৰাৰ লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।

Published by:Gautam Barman
First published: