মুখ্যপৃষ্ঠা »খবৰ »অসম »Zubeen Garg : ''সদায় হাঁহি থকা ছোৱালীজনীয়ে আজি বিচনাত চটফটাই কান্দি আছে''- শিল্পী জুবিন গাৰ্গে ৰাইজলৈ কৰিছে এটা অনুৰোধ

Zubeen Garg : ''সদায় হাঁহি থকা ছোৱালীজনীয়ে আজি বিচনাত চটফটাই কান্দি আছে''- শিল্পী জুবিন গাৰ্গে ৰাইজলৈ কৰিছে এটা অনুৰোধ

গাৰ্গে লিখিছে– ''বিষ আৰু ব্লিডিঙৰ ফলত তাই একো খাব নোৱাৰে, আনকি পানী এটোপাও, মাত মাতিলে বেছিকৈ জোৰ দিলে ডিঙিত কষ্ট পাই ব্লিডিং হয়।''

গাৰ্গে লিখিছে– ''বিষ আৰু ব্লিডিঙৰ ফলত তাই একো খাব নোৱাৰে, আনকি পানী এটোপাও, মাত মাতিলে বেছিকৈ জোৰ দিলে ডিঙিত কষ্ট পাই ব্লিডিং হয়।''

গাৰ্গে লিখিছে– ''বিষ আৰু ব্লিডিঙৰ ফলত তাই একো খাব নোৱাৰে, আনকি পানী এটোপাও, মাত মাতিলে বেছিকৈ জোৰ দিলে ডিঙিত কষ্ট পাই ব্লিডিং হয়।''

  • Share this:
এগৰাকী ছোৱালীৰ আৰোগ্য কামনা কৰি সংগীত শিল্পী জুবিন গাৰ্গে ৰাইজক জনাইছে বিনম্ৰ অনুৰোধ। আজি সোমবাৰে এটা ফেচবুক পোষ্টযোগে শিল্পীগৰাকীয়ে যুৱতীগৰাকীৰ চিকিত্সাৰ বাবে ৰাইজক সাধ্য অনুসৰি অনুদান আগবঢ়াবলৈ অনুৰোধ জনাইছে।

শিল্পীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰথমতে ডিঙিৰ সোঁফালে অত্যন্ত বিষত আক্ৰান্ত ছোৱালীগৰাকীয়ে ''সাঁচি থোৱা পইচাকেইটাৰ লগতে কেইজনমান হৃদয়ৱান ব্যক্তিৰ সহায়ত লক্ষাধিক টকা খৰচ কৰি গুৱাহাটীত অপাৰেচন কৰোৱাইছিল, কিন্তু এতিয়া সংক্ৰমণ আৰু বিষ সম্পূৰ্ণ ৰূপে ঠিক নোহোৱাত আৰু লাহে লাহে সেই বিষ বাঢ়িহে যোৱাত এতিয়া ডাক্তৰে বাংগালুৰুৰ Narayana Hospitalলৈ পঠাইছে, তাকো ততাতৈয়াকৈ।'' চিকিৎসকৰ মতে, পলম কৰিলে সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰি ততাতৈয়াকৈ চিকিৎসা কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে।

গাৰ্গে লিখিছে– ''বিষ আৰু ব্লিডিঙৰ ফলত তাই একো খাব নোৱাৰে, আনকি পানী এটোপাও, মাত মাতিলে বেছিকৈ জোৰ দিলে ডিঙিত কষ্ট পাই ব্লিডিং হয়। কিন্তু ইমানদিনে তাই অনুমতি দিয়া নাছিল বাবে ফেচবুকত কোনো আপডেট দিয়া হোৱা নাছিল। এতিয়া আজি এক সপ্তাহ মানৰ হঠাতে refer কৰাত জনাব লগা হৈছে, আগৰ পৰা দুই এজনে Share কৰাৰ লগতে বৰঙণিও আগবঢ়াইছে। আপোনাৰ আৰু মোৰ দৰে তাইৰো জীয়াই থাকিবলৈ মন যায়, উৰিব মন যায়। তায়ো জীয়াই থাকিব বিচাৰে। তাইৰ ঘৰখন তায়েই চলাই আছিল, ভায়েকক পঢ়াই আছিল। সিহঁতৰ ঘৰখনৰ পইচা অহাৰ বাট এটাই আছিল। এতিয়া সেইটো বাটো বন্ধ হৈ পৰিল। আমাৰ সাহসী ছোৱালীজনী (যোৰহাট টিলিকীয়ামৰ সুশ্ৰুতি দত্ত ওৰফে Shruti Priyam ক আপোনালোকৰ সহায়ৰ প্ৰয়োজন তাইৰ উন্নত চিকিৎসাৰ বাবে। (ডাক্তৰে কোৱা মতে প্ৰথম পৰ্যায়ত প্ৰায় ন্যূনতম ৫ লাখ মান টকা লাগিব আনুমানিক, সঠিক সংখ্যাটো বাংগালুৰু পোৱাৰ পিছতহে গম পোৱা যাব যে ততোধিক কিমান লাগিব পাৰে, কাৰণ infectionটো কোনটো পৰ্যায়লৈকে বিয়পিছে সেই বিষয়েও চিকিৎসা আৰম্ভ হ'লেহে গম পোৱা হ'ব।) যি পাৰে ১০,২০ টকা হ'লেও সকলোৱে আগবঢ়াওকচোন। এইখিনি সময়ত ১০ টকাটোও বহুত। আপোনাৰ এই ১০-২০ টকাটোৱে কাৰোবাৰ জীৱন বচাব পাৰে।''

https://www.facebook.com/100044308902505/posts/pfbid02DZ1Nv1NGGqP7ZHmEnFdGxQ82CA7dpGZcL2vY6eumcm6NrxwQiEV3D85mD63q5pckl/

ছোৱালীজনীক সহায় কৰিবলৈ শিল্পীগৰাকীয়ে লগতে দিছে এই একাউণ্টৰ বিৱৰণ– SUSHRUTI DUTTA
Jorhat( Assam)
A/C- 406210110010672
IFSC - BKID0004062
Bank of india
Gpay number:- 7249917790

শেহতীয়া বাতৰি