মুখ্যপৃষ্ঠা »খবৰ »অসম »Zubeen Garg : নেলীৰ সাংস্কৃতিক সন্ধিয়ালৈ কিয় নগ'ল জুবিন গাৰ্গ? ৰাইজৰ জ্ঞাতাৰ্থে শিল্পীগৰাকীয়ে জনালে এইদৰে

Zubeen Garg : নেলীৰ সাংস্কৃতিক সন্ধিয়ালৈ কিয় নগ'ল জুবিন গাৰ্গ? ৰাইজৰ জ্ঞাতাৰ্থে শিল্পীগৰাকীয়ে জনালে এইদৰে

''এখন কমিটীৰ অভদ্ৰামিৰ কাৰণে মোক আপোনালোকৰ পৰা কোনেও আঁতৰাব নোৱাৰে।''- জুবিন গাৰ্গ

''এখন কমিটীৰ অভদ্ৰামিৰ কাৰণে মোক আপোনালোকৰ পৰা কোনেও আঁতৰাব নোৱাৰে।''- জুবিন গাৰ্গ

''এখন কমিটীৰ অভদ্ৰামিৰ কাৰণে মোক আপোনালোকৰ পৰা কোনেও আঁতৰাব নোৱাৰে।''- জুবিন গাৰ্গ

  • Share this:

সংগীত শিল্পী জুবিন গাৰ্গ নাহিল। নেলীত কালি অনুষ্ঠিত হ’বলগীয়া জুবিন গাৰ্গ (Zubeen Garg)ৰ এটা সাংস্কৃতিক সন্ধিয়াত অপেক্ষাৰত জনতা বিফল মনোৰথে উভতি গৈছিল জুবিনৰ গীত নুশুনাকৈ। সকলোৱে কঢ়িয়াই লৈ গৈছিল এবুকু আক্ষেপ- জুবিন গাৰ্গে কিয় এই কাণ্ড কৰিলে?


খং-ক্ষোভৰ বহিঃপ্ৰকাশ কৰিছিল নেলীৰ লগতে আশ-পাশৰ পৰা অহা ৰাইজে। আবাল-বৃদ্ধ-বণিতাই একমুখে প্ৰকাশ কৰিছিল গীত শুনিবলৈ নোপোৱাৰ বেদনা।

উল্লেখ্য, তিৱা ছাত্ৰ সন্থাৰ আমন্ত্ৰণ মৰ্মে নেলীত জুবিন গাৰ্গে গীত গাবলৈ অহাৰ কথা থকাৰ পিছত হঠাতে নিশা ১ বজাত ঘোষণা কৰা হৈছিল যে স্বাস্থ্যজনিত কাৰণত শিল্পীগৰাকী আহিব নোৱাৰে। ইয়াৰ পিছতে সকলোৱে প্ৰকাশ কৰিছিল ক্ষোভ।


জুবিন গাৰ্গ কিয় নগ'ল গান গাবলৈ?
আজি শিল্পী জুবিন গাৰ্গৰ ফেচবুক একাউণ্টৰ পৰা এই বিষয়ে বিতং কথা ৰাইজৰ উদ্দেশ্যি প্ৰকাশ কৰে। টীম জুবিন গাৰ্গৰ এই কথাখিনিৰ পৰা বুজিব পৰা গ'ল কিয় সাংস্কৃতিক সন্ধিয়াত উপস্থিত নাছিল জুবিন গাৰ্গ।


''তিৱা ছাত্ৰ সন্থাই আমাৰ সৈতে যোগাযোগ কৰিছিল নেলীত কালি অনুষ্ঠিত হ’বলগীয়া জুবিনদাৰ এটা সাংস্কৃতিক সন্ধিয়াৰ বাবে। সেই অনুসাৰে আমাৰ সৈতে চুক্তি কৰা হৈছিল আৰু অগ্ৰিম ধন ৫০,০০০ টকা (১ লাখ টকা দিয়াৰ কথা হৈছিল, কিন্তু ৫০,০০০ টকাহে দিছিল) তেওঁলোকে আদায় কৰিছিল। চুক্তিত উল্লেখ থকা অনুসৰি তেওঁলোকে আমাক অনুষ্ঠানৰ আগেয়ে বাকী থকা টকাখিনি দিয়াৰ কথা। সেই টকা আদায় নিদিলে অনুষ্ঠান কৰাৰ প্ৰশ্নই নাহে, আৰু সেই কথাটো চুক্তিতো উল্লেখ কৰা আছিল, আমিও সেই কথা স্পষ্ট কৰি দিছিলোঁ। সেয়েহে পৰহি আমি তেওঁলোকলৈ ফোন কৰি সেই বিষয়ে সুধিছিলোঁ। তেওঁলোকে কৈছিল যে কালি, অনুষ্ঠানৰ দিনা, দিনৰ ২ বজাত তেওঁলোকে সেই টকাখিনি দিব। কালি দিনৰ ১১ বজাত তেওঁলোকলৈ ফোন কৰিছিলোঁ আৰু সেই বিষয়ে আকৌ সুধিছিলোঁ। তেতিয়া তেওঁলোকে ৫ বজাৰ ভিতৰত বাকীখিনি টকা আদায় দিয়াৰ কথা কৈছিল আৰু সেই টকা গ্ৰহণ কৰিবৰ কাৰণে সময়মতে আমাৰ এগৰাকী মেনেজাৰ নেলীত উপস্থিত হৈছিল। ছাউণ্ড আৰু সংগীতশিল্পীসকলো নেলীলৈ ৰাওনা হৈছিল। কিন্তু আধা ঘণ্টা আধা ঘণ্টা বুলি কৈ যেতিয়া সন্ধিয়া ৮-৯ বজালৈকে কমিটীৰ মানুহে আমাৰ সৈতে যোগাযোগ নকৰিলে, তেতিয়া নিয়ম অনুসৰি অনুষ্ঠানখন বাতিল কৰা হ’ল। সংগীত শিল্পীসকল আধাবাটৰ পৰা উভতি আহিল। তাৰ পিছতেই কমিটীৰ ফালৰ পৰা চূড়ান্ত অভদ্ৰামি কৰা হ’ল। ছাউণ্ডৰ গাড়ী তেওঁলোকে আৱদ্ধ কৰি ৰাখিলে। ছাউণ্ডৰ ল’ৰাকেইটাক চৰম মানসিক অত্যাচাৰ কৰা হ’ল। তেওঁলোকৰ গাড়ী জ্বলাই দিম বুলি কোৱা হ’ল। আনকি ল’ৰাকেইটাক মঞ্চলৈ মতাই আনি জুবিনদাৰ গা বেয়া কাৰণে অনুষ্ঠান বাতিল হোৱা বুলি ক’বলৈ জোৰ কৰা হৈছিল। সিহঁতে সেই কথা নোকোৱাত কমিটীৰ মানুহে জুবিনদাৰ গা বেয়া বুলি মঞ্চত ঘোষণা কৰিছিল। জুবিনদাৰ একো গা বেয়া হোৱা নাই। তেওঁলোকে চুক্তিমৰ্মে দিবলগীয়া ধন আদায় নকৰা কাৰণেই অনুষ্ঠানখন বাতিল কৰা হৈছিল। চুক্তিৰ ধন আদায় নিদিয়া বাবে অনুষ্ঠান বাতিল কৰাৰ কথা কোৱাৰ পিছত ৰাতি তেওঁলোকে আৰু ৬০,০০০ টকা পঠিয়াইছিল। কিন্তু সেইখিনি ধনেৰে অনুষ্ঠান কৰা সম্ভৱ নহয় যিহেতু দলটোত ৩৫-৪০ জন মানুহ থাকে, তেওঁলোকৰ বৰঙণিৰ কথা থাকে। চুক্তিত উল্লেখ থকা মতেই অগ্ৰিম বুকিঙৰ টকা ঘূৰাই দিয়াৰ নিয়ম নাই। কিন্তু ছাউণ্ডৰ ল’ৰাকেইটাৰ নিৰাপত্তাৰ কথা ভাৱি সেইখিনি টকাও উভতাই দিয়া হ’ল। দিওতে কাৰিকৰী কাৰণত ২০০০০ টকা অতিৰিক্তকৈ গ’ল যিটো তেওঁলোকে এতিয়াও আমাৰ ওচৰত জমা কৰা নাই। এতিয়া বিভিন্ন বাতৰি চকুত পৰিছে য’ত আমি টকা লৈ অনুষ্ঠান নকৰা বুলি অভিযোগ আনিছে। সেইটো গোকাট মিছা কথা। চুক্তি যেতিয়া হয় তেতিয়া চুক্তিত কোৱা হয় যে নিৰ্ধাৰিত টকা আদায় কৰিব নোৱাৰিলে অনুষ্ঠান বাতিল হ’ব। সেইকাৰণেই কালিৰ অনুষ্ঠানটো বাতিল হ’ল। সেয়েহে জুবিনদাই অনুষ্ঠানত টকা লৈ উপস্থিত নোহোৱা বুলি যিটো কথা কোৱা হৈছে, সেয়া চূড়ান্ত মিছা।
- টীম জুবিন গাৰ্গ


কথাখিনি কিয় ৰাজহুৱা কৰিলে তাক লৈ লিখিছে এইদৰে-
এইখিনি এইকাৰণেই লিখা হ’ল যে অনুষ্ঠান পৰিৱেশন কৰিবলৈ নোৱাৰিলে মোৰ নিজৰেই বেয়া লাগে। কিন্তু কমিটীখনে সন্মান দিব লাগে। মই অদৰকাৰত কেতিয়াও অনুষ্ঠান নকৰাকৈ থকা নাই। নিজৰ বেয়া দিনত, পৰিয়ালৰ বেয়া দিনতো অনু্ষ্ঠান কৰিছোঁ। যদি চেৰিটী অনুষ্ঠান হয়, মই বিনা পইচাই যাওঁ। কিন্তু প্ৰফেশ্যনেল অনুষ্ঠান পাতিলে দিম বুলি কোৱা পইচাখিনি দিব লাগে। নেলীৰ ৰাইজে কথাখিনি বুজি পাব বুলি আশা কৰিলোঁ। যেতিয়া আকৌ লগ পাম, মই জানো আমি একেলগে ফূৰ্তি কৰিম। এখন কমিটীৰ অভদ্ৰামিৰ কাৰণে মোক আপোনালোকৰ পৰা কোনেও আঁতৰাব নোৱাৰে।
- জুবিন গাৰ্গ

শেহতীয়া বাতৰি