বৃহস্পতিবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ত ৰুদ্ৰ বৰুৱাৰ এটি আৱক্ষ মূৰ্তি উন্মোচন কৰে অসম সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই। এই অনুষ্ঠানত তেওঁ কয় যে, ‘‘ৰুদ্ৰ বৰুৱাৰ গীতত আমি শিপাৰ সন্ধান পাওঁ, আমি নিজকে যেন বিচাৰি পাওঁ।’’ আধুনিক অসমীয়া সংগীতক এক বিশেষ স্তৰলৈ লৈ যোৱা শিল্পীসকলৰ ভিতৰত ৰুদ্ৰ বৰুৱাও অন্যতম বুলি উল্লেখ কৰি সংস্কৃতিক মন্ত্রী বড়াই ৰুদ্ৰ বৰুৱাদেৱে সংগীতৰ লগতে এগৰাকী দায়বদ্ধ আৰু দক্ষ বিষয়া হিচাপেও সমাজৰ সেৱা কৰি গৈছে বুলিও কয়। তেওঁ কয় যে, ‘‘ৰুদ্ৰ বৰুৱাৰ গীতত আমি গ্ৰাম্য সমাজৰ নিতুল ছবি এখন লক্ষ্য কৰোঁ বুলি উল্লেখ কৰি তেখেতক প্ৰদান কৰা লুইত কোঁৱৰ অভিধাটো তেখেতৰ কামৰ সৈতে সম্পূর্ণৰূপে ৰজিতা খাই পৰে।’’
শিল্পী ৰুদ্ৰ বৰুৱাৰ পত্নী আৰতি বৰুৱাই তেওঁৰ পেঞ্চনৰ ধনেৰে নিৰ্মাণ কৰি দিয়া আৱক্ষ মূৰ্তিটোৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি ৰুদ্ৰ বৰুৱাৰ পুত্র ডাঃ নৱনীল বৰুৱাই পিতৃয়ে দেশৰ স্বাধীনতা সংগ্রামত অংশ গ্ৰহণৰ কথা উনুকিয়াই তেখেতৰ সংস্কৃতিক জাতীয়তাবাদী মনটোৰ কথাও উল্লেখ কৰে। তেওঁ লগতে কয় যে, ‘‘ৰুদ্ৰ বৰুৱাই মাত্র ৫৩ বছৰ বয়সত যিখিনি কৰি থৈ গ'ল সেয়া আমি এশ বছৰতো কৰিব নোৱাৰো।’’ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয় আৰু লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা স্মৃতি ন্যাসে যুটীয়াভাৱে আয়োজন কৰা প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে অংশগ্রহণ কৰি শিল্পীগৰাকীৰ গীতৰ সৈতে তেওঁৰ আত্মিক সম্পর্কৰ কথা উল্লেখ কৰাৰ লগতে তেখেতৰ ‘‘পকা ধানৰ মাজে মাজে’’ গীতটি পৰিৱেশন কৰে।
প্ৰতিমূৰ্তি উন্মোচনী সভাত ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ বিদ্যুৎ মিশ্ৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 06, 2023, 15:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।