ধেমাজিত শিল্পীৰ দলক আক্ৰমণ দুৰ্বৃত্তৰ দলৰ, ভাঙি পেলালে গাড়ী

News18 Assam | News18-Assam
Updated:January 31, 2020, 12:30 PM IST
ধেমাজিত শিল্পীৰ দলক আক্ৰমণ দুৰ্বৃত্তৰ দলৰ, ভাঙি পেলালে গাড়ী
ধেমাজি জিলাৰ কূলাজান নামৰ ঠাইত নিশা সংঘটিত হৈছে এই ঘটনা৷

ধেমাজি জিলাৰ কূলাজান নামৰ ঠাইত নিশা সংঘটিত হৈছে এই ঘটনা৷

  • Share this:
ৰাজ্যত পুনৰ শিল্পীৰ দলক আক্ৰমণ৷ এইবাৰ আক্ৰমণকাৰীৰ বলি হ’বলগীয়া হ’ল জনপ্ৰিয় সংগীত শিল্পী ৰাজীৱ শদিয়াৰ লগতে তেওঁৰ দল। ধেমাজি জিলাৰ কূলাজান নামৰ ঠাইত নিশা সংঘটিত হৈছে এই ঘটনা৷

ধেমাজি জিলাৰ চিমেন চাপৰিত অনুষ্ঠিত হোৱা মে-ডাম-মে-ফিৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি উভতি অহাৰ বাটত নিশা প্ৰায় ২ মান বজাত কূলাজানত ৰাজীৱ শদিয়াৰ দলটোক ১০-১২ জনীয়া এটা ডকাইতৰ দলে আক্ৰমণ কৰে৷

ডকাইতৰ দলটোৱে তিনিগৰাকী বাদ্যযন্ত্ৰীক বেয়াকৈ মাৰপিট কৰাৰ লগতে তৰোৱালেৰ ৰাজীৱ শদিয়াৰ গাড়ীত আক্ৰমণ কৰি গাড়ীখনত বিস্তৰ ক্ষতিসাধন কৰে৷



ইয়াৰোপৰি শিল্পীৰ দলৰ পৰা নগদ ধন কাঢ়ি নিয়া বুলি জানিব পৰা গৈছে৷ এই সন্দৰ্ভত ডাম্বুক আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৰাজীৱ শদিয়াই।
আৰু চাওক
পৰৱৰ্তী বাতৰি