• Home
  • »
  • News
  • »
  • assam
  • »
  • শিৱসাগৰৰ লোণপুৰীয়া গাঁৱত একক প্ৰচেষ্টাৰে গঢ়া এটা হস্তশিল্প সংগ্ৰহালয় আৰু কিতাপ ঘৰ, হাতবাউলী মাতিছে পৰ্যটকক

শিৱসাগৰৰ লোণপুৰীয়া গাঁৱত একক প্ৰচেষ্টাৰে গঢ়া এটা হস্তশিল্প সংগ্ৰহালয় আৰু কিতাপ ঘৰ, হাতবাউলী মাতিছে পৰ্যটকক

 ১৯৮৩ চনৰে পৰা হাতত হাতুৰী, বটালি লৈ ভাস্কৰ্য শিল্পত মনোনিৱেশ কৰি আহিছে প্ৰচাৰবিমুখ শিল্পী প্ৰদীপ গগৈয়ে। 

 ১৯৮৩ চনৰে পৰা হাতত হাতুৰী, বটালি লৈ ভাস্কৰ্য শিল্পত মনোনিৱেশ কৰি আহিছে প্ৰচাৰবিমুখ শিল্পী প্ৰদীপ গগৈয়ে। 

 ১৯৮৩ চনৰে পৰা হাতত হাতুৰী, বটালি লৈ ভাস্কৰ্য শিল্পত মনোনিৱেশ কৰি আহিছে প্ৰচাৰবিমুখ শিল্পী প্ৰদীপ গগৈয়ে। 

  • Share this:

শিৱসাগৰৰ লোণপুৰীয়া গাঁৱত ভাস্কৰ্য শিল্পী প্ৰদীপ গগৈয়ে একক প্ৰচেষ্টাৰে গঢ়ি তুলিছে এটা মনোৰম হস্তশিল্প সংগ্ৰহালয় আৰু কিতাপ ঘৰ ।  ১৯৮৩ চনৰে পৰা হাতত হাতুৰী, বটালি লৈ ভাস্কৰ্য শিল্পত মনোনিৱেশ কৰি আহিছে প্ৰচাৰবিমুখ প্ৰদীপ গগৈয়ে।


তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠা শ শ ভাস্কৰ্য নৱ নিৰ্মিত সংগ্ৰহালয়টোত সংৰক্ষণ কৰাৰ লগতে এটা মহলাত স্থাপন কৰিছে এটি পুথিভঁৰালো।


অশেষ কষ্টৰে ৰাধে কৃষ্ণ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাকে আদি কৰি বহু বৰেণ্য ব্যক্তিৰ প্ৰতিকৃতি নিজ হাতেৰে নিৰ্মাণ কৰাৰ লগতে জীৱ–জন্তু, অসমীয়া সংস্কৃতিৰ সৈতে জড়িত বহু সামগ্ৰী ভাস্কৰ্য শিল্পৰে তুলি ধৰিছে গগৈয়ে।


এই আটাইবিলাক ভাস্কৰ্য  সংৰক্ষণৰ লগতে তৰুণ প্ৰজন্ম আৰু পৰ্যটকক দেখুৱাবলৈ প্ৰদীপ গগৈয়ে  একক প্ৰচেষ্টাৰে আটকধুনীয়াকৈ  নিৰ্মাণ কৰিছে  "হস্তশিল্প সংগ্ৰহালয় আৰু কিতাপ ঘৰ"।


এই সংগ্ৰহালয়ে যেন এতিয়া হাত বাউলী মাতিছে পৰ্যটকক। প্ৰয়াত পিতৃ মণিৰাম গগৈ আৰু সহধৰ্মিণী দীপালী গগৈৰ স্মৃতিত নিৰ্মাণ কৰা সংগ্ৰহালয়টো  অহা ৩ অক্টোবৰত আনুষ্ঠানিকভাৱে দৰ্শকৰ বাবে মুকলি কৰিব বুলিও সদৰী কৰিছে শিল্পীগৰাকীয়ে।


আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই প্ৰৱেশদ্বাৰ মুকলি কৰিবলগীয়া "হস্তশিল্প সংগ্ৰহালয় আৰু কিতাপ ঘৰ''তে থকা শিলত প্ৰদীপ গগৈৰ কেতবোৰ কবিতাৰ কলিও খোদিত কৰি থোৱা কাৰ্য ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে।


উল্লেখ্য যে দুমাহ আগেয়ে সংগ্ৰহালয়টো নিৰ্মাণ সম্পূৰ্ণ হ'ল যদিও ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই মুকলি কৰা নাছিল। বৰ্তমান চৰকাৰে ক'ভিড বিধি শিথিল কৰাত আশাৰ ৰেঙনি দেখা পাইছে ভাস্কৰ্য শিল্পীগৰাকীয়ে।


বাণিজ্যিক দিশ আওকাণ কৰি তৰুণ প্ৰজন্মক অসমীয়া সংস্কৃতি, প্ৰকৃতি আদিৰ সৈতে পৰিচয় কৰাই দিয়াৰ মানসেৰেই ভাস্কৰ্য শিল্পীগৰাকীৰ সৃষ্টিৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা বুলিও সদৰি কৰিছে তেওঁ।

Published by:Gautam Barman
First published: