• Home
  • »
  • News
  • »
  • assam
  • »
  • কাগজৰ কাৰ্টুনৰে নিৰ্মিত দুৰ্গা প্ৰতিমাৰে চমক সৃষ্টি কৰিবলৈ সাজু ধুবুৰীৰ যুৱ শিল্পী অলিভিয়া মণ্ডল

কাগজৰ কাৰ্টুনৰে নিৰ্মিত দুৰ্গা প্ৰতিমাৰে চমক সৃষ্টি কৰিবলৈ সাজু ধুবুৰীৰ যুৱ শিল্পী অলিভিয়া মণ্ডল

এইবেলি দুৰ্গাপূজাত প্ৰায় ৬০ টা কাগজৰ কাৰ্টুনৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকী।

এইবেলি দুৰ্গাপূজাত প্ৰায় ৬০ টা কাগজৰ কাৰ্টুনৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকী।

এইবেলি দুৰ্গাপূজাত প্ৰায় ৬০ টা কাগজৰ কাৰ্টুনৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকী।

  • Share this:
বিগত প্ৰায় ৫ বছৰৰ পৰা বিভিন্ন সামগ্ৰীৰে অভিনৱ শিল্পকৰ্ম সৃষ্টি কৰি জনপ্ৰিয়তা পোৱা ধুবুৰীৰ যুৱ শিল্পী অলিভিয়া মণ্ডল এইবাৰো পুনৰ এক আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে।

উল্লেখযোগ্য যে, এইবেলি দুৰ্গাপূজাত প্ৰায় ৬০ টা কাগজৰ কাৰ্টুনৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকী। বিগত প্ৰায় ডেৰ মাহ ধৰি নিৰ্মাণ কৰি থকা চাৰে পাচঁ ফুট উচ্চতা আৰু তিনি ফুট প্ৰস্থৰ প্ৰতিমাটোৱে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। প্ৰতিদিনে প্ৰায় তিনি চাৰি ঘন্টাকৈ কাম কৰি নিৰ্মাণ কৰা প্ৰতিমাটো সম্পূৰ্ণ কৰিবলৈ তেওঁৰ আৰু দুই তিন দিন মানৰ প্ৰয়োজন হ’ব। যুৱ শিল্পী গৰাকীৰ প্ৰথম বাৰৰ বাবে এই ব্যতিক্ৰমী সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিছে।



উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কেতিয়াও দুৰ্গা প্ৰতিমা নিৰ্মাণ নকৰা অলিভিয়াই এই বছৰ পেলনীয়া সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি ধুবুৰীত চমক সৃষ্টি কৰিছে।

ইপিনে অলিভিয়াই নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা ধুবুৰী চহৰৰ কোনখন পূজা মণ্ডপত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব সেয়া এতিয়ালৈকে নিশ্চিত নহ'লেও য'ত এই প্ৰতিমা থাকিব সেই ঠাইত যে জনসমাগম হ'ব সেয়া ইতিমধ্যে নিশ্চিত হৈ পৰিছে।

আনহাতে, বিগত ডেৰ মাহৰ পৰা দুৰ্গা দেৱীক কাগজৰ কাৰ্টুনত ৰূপ দিয়া যুৱ শিল্পী অলিভিয়াৰ মতে তেওঁৰ মনত থকা দেৱী ভক্তিৰ ৰূপ তেওঁ কাগজৰ মাধ্যমত প্ৰকাশৰ মাত্ৰ ক্ষুদ্ৰ প্ৰয়াস কৰিছে। এতিয়া ৰাইজে ইয়াক কেনেদৰে আকোঁৱালি ল'ব সেয়া সময়েহে ক'ব।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি