লকডাউনৰ ফলত মহানগৰীত ব্ৰইলাৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এইগৰাকী শিল্পীয়ে

News18 Assam | News18-Assam
Updated:May 27, 2020, 4:14 PM IST
লকডাউনৰ ফলত মহানগৰীত ব্ৰইলাৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এইগৰাকী শিল্পীয়ে
প্ৰতিভাবান শিল্পীগৰাকীয়ে এই কৰ্মৰ জৰিয়তে উপাৰ্জনৰ লগতে বাট দেখুৱাই বহুজনক৷

প্ৰতিভাবান শিল্পীগৰাকীয়ে এই কৰ্মৰ জৰিয়তে উপাৰ্জনৰ লগতে বাট দেখুৱাই বহুজনক৷

  • Share this:
লকডাউনৰ ফলত জীৱিকাৰ পথ ৰুদ্ধ হৈ পৰিছে সমগ্ৰ দেশৰ লগতে অসমৰ লক্ষ লক্ষ লোকৰ৷ এনে ৰুদ্ধ সময়ৰ মাজতো একাংশ লোকে বিচাৰি লৈছে কৰ্ম সংস্থাপনৰ অন্য বাট৷ তেনে এগৰাকী লোক মাজুলী সোণোৱাল৷ ঘৰ যোৰহাটত৷ পেছা আৰু নিচাত এগৰাকী সংগীত শিল্পী৷ মাজুলী সোণোৱালৰ কথা আৰু সুৰত কণ্ঠ দিছে জনপ্ৰিয় শিল্পী জুবিন, দীক্ষুকে ধৰি বহু শিল্পীয়ে৷ পিছে, লকডাউন ব্যৱস্থাই এনে বহু শিল্পীৰ দৰে মাজুলিৰ জীৱনলৈ আনিছে অন্ধকাৰ৷

হেঁপাহৰ ৰঙালী বিহুত বিহুৰ মঞ্চই মঞ্চই ৰাইজক নচুওৱা মাজুলীৰ নচলা হৈছে ঘৰ৷ যাৰ বাবে পেটৰ তাড়নাত মাজুলীয়ে আৰম্ভ কৰিছে আন এক কৰ্মৰ সন্ধান৷ দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ পৰা মহানগৰীৰ নবীন নগৰত আৰম্ভ কৰিছে মাংসৰ দোকান৷ হাঁহ, পাৰ, ব্ৰইলাৰ, ছাগলী বিক্ৰী কৰিছে মাজুলীয়ে৷

প্ৰতিভাবান শিল্পীগৰাকীয়ে এই কৰ্মৰ জৰিয়তে উপাৰ্জনৰ লগতে বাট দেখুৱাই বহুজনক৷ এই দুখৰ মাজতে শিল্পীগৰাকীয়ে News18ৰ সাংবাদিকৰ আগত গুণগুণালে নিজৰ কথা সুৰ দিয়া এফাকি বিহু৷ অদম্য সাহস আৰু প্ৰেৰণাৰ উৎস মাজুলী দেশৰ দুৰ্যোগৰ সময়ত আদৰ্শ হওক বহুজনৰ৷
First published: May 27, 2020, 4:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading