உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Gauhati University Hostel: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বহুকেইটা আৱাস কৃত্ৰিম বানৰ কবলত, ক্ষোভ উজাৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত

    Gauhati University Hostel: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বহুকেইটা আৱাস কৃত্ৰিম বানৰ কবলত, ক্ষোভ উজাৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত

    অভিযোগ- বাৰম্বাৰ আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই শিক্ষাৰ্থীসকলে।

    অভিযোগ- বাৰম্বাৰ আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই শিক্ষাৰ্থীসকলে।

    অভিযোগ- বাৰম্বাৰ আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই শিক্ষাৰ্থীসকলে।

    • Share this:
    নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত কৃত্ৰিম বান। তাৰ সমান্তৰালভাৱে এই বৰষুণৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰৰ চৌহদৰ লগতে বহুকেইটা ছাত্ৰ-ছাত্ৰী নিৱাস কৃত্ৰিম বানৰ কবলত পৰে। এই কৃত্ৰিম বানৰ বাবে বিশ্ববিদ্যালয় পৰিয়ালৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ। নলা-নৰ্দমাৰ সু-ব্যৱস্থা নাই বাবে এজাক বৰষুণত বুৰ যায় বিশ্ববিদ্যালয়ৰ বহুকেইটা  ছাত্ৰ-ছাত্ৰীৰ আবাস (Flood in Gauhati University Hostel)।

    কিছু নলা-নৰ্দমাৰ ব্যৱস্থা আছে যদিও চাফ-চিকুণ নকৰাৰ ফলত পানী ওলাই যাব নোৱাৰে বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা। ইয়াৰ পৰিণতিত এজাক ধাৰাসাৰ বৰষুণ আহিলে কৃত্ৰিম বানৰ কবলত ভুগিবলগীয়া হয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসম আৰ্হি ১০ নম্বৰ ছাত্ৰী নিৱাস, RCC ৫ নম্বৰ আৰু RCC ৮ নম্বৰ ছাত্ৰী নিৱাস আৰু অসম আৰ্হি ৯, ১০ নম্বৰ ছাত্ৰাৱাস বৰ্তমান কৃত্ৰিম বানৰ কবলত।

    যন্ত্ৰণা ভুগিবলগীয়া ছা্ত্ৰী-ছাত্ৰীয়ে ক্ষোভ উজাৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত । বাৰম্বাৰ আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই শিক্ষাৰ্থীসকলে। যদিহে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ চৌহদৰ নলাৰ সু-ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহলে এই কৃত্ৰিম বানত ভুগিব লাগিব ছাত্ৰ-ছাত্ৰী তথা বিশ্ববিদ্যালয়ৰ পৰিয়াল।
    Published by:Gautam Barman
    First published: