গুৱাহাটীত আগৰ দৰে নাই কৃত্ৰিম বানৰ যাতনা, কাক কৃতিত্ব দিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই?

News18 Assam | News18-Assam
Updated:May 26, 2020, 9:07 PM IST
গুৱাহাটীত আগৰ দৰে নাই কৃত্ৰিম বানৰ যাতনা, কাক কৃতিত্ব দিলে সিদ্ধাৰ্থ ভট্টাচাৰ্যই?
নেৰানেপেৰা বৰষুণতো দুই এক অঞ্চলক বাদ দি হোৱা নাই কৃত্ৰিম বান৷

নেৰানেপেৰা বৰষুণতো দুই এক অঞ্চলক বাদ দি হোৱা নাই কৃত্ৰিম বান৷

  • Share this:
যোৱা কিছুদিন ধৰি ৰাজ্যত অব্যাহত আছে মুষলধাৰ বৰষুণ৷ বিগত বহু বছৰ ধৰি এনে সময়ত গুৱাহাটীবাসীয়ে ভোগ কৰে যমৰ যাতনা৷ জি এছ ৰোড, জু-ৰোড, অনিল নগৰ, নবীন নগৰ আদি অঞ্চল বুৰ যায় এজাক বৰষুণতে৷ তচনচ হৈ যায় মহানগৰীৰ আভিজাত্য৷ কৃত্ৰিম বানত মৃত্যুও হৈছে অনেকজনৰ৷ পিছে এইবাৰ এই অঞ্চলবোৰত পূৰ্বৰ দৰে সংবাদ শিৰোনাম দখল কৰা যাতনা ভৰা ছবিখন নাই৷

নেৰানেপেৰা বৰষুণতো দুই এক অঞ্চলক বাদ দি হোৱা নাই কৃত্ৰিম বান৷ কোৰোণাৰে চলি থকা যুঁজখনৰ সমানে সমানে গুৱাহাটী উন্নয়ন বিভাগ আৰু গুৱাহাটী পৌৰ নিগমে চলাই গৈছে মহানগৰবাসীক কৃত্ৰিম বানৰ পৰা উদ্ধাৰৰ আন এখন যুঁজ৷ মঙলবাৰে পেপছিকো স্মাইল নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে দৰিদ্ৰৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ অনুষ্ঠানৰ ফ্লেগ অফ কৰি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই চাফাই কৰ্মীক দিলে কৃতিত্ব৷

"সংবাদ মাধ্যমে আমাৰ ভালবোৰ নেদেখুৱাই৷ চাফাই কৰ্মীয়ে কোভিড–১৯ৰ যুঁজখনৰ মাজতে নিৰন্তৰ নলাবোৰ চাফা কৰিছে৷ যাৰ বাবে পূৰ্বৰ দৰে কৃত্ৰিম বান হোৱা নাই গুৱাহাটীত৷ চফাই কৰ্মী সকলক আমি ছ্যেলুট জনোৱা উচিত" – ক’লে সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
First published: May 26, 2020, 9:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading