মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Jorhat Flood : এজাক বৰষুণতে যোৰহাট নগৰৰ বহু পৰিয়ালত হাহাকাৰ, বৰষুণ বুলিলেই বুকু কঁপি উঠে এওলকৰ।

Jorhat Flood : এজাক বৰষুণতে যোৰহাট নগৰৰ বহু পৰিয়ালত হাহাকাৰ, বৰষুণ বুলিলেই বুকু কঁপি উঠে এওলকৰ।

News18 Assam | News18-Assam
Updated:July 22, 2021, 8:20 PM IST
Jorhat Flood : এজাক বৰষুণতে যোৰহাট নগৰৰ বহু পৰিয়ালত হাহাকাৰ, বৰষুণ বুলিলেই বুকু কঁপি উঠে এওলকৰ।
ন আলিৰ ফ্লাইঅভাৰখনৰ সৈতে নিৰ্মাণ কৰা নলাসমূহ বিসঙ্গতিপূৰ্ণ ভাৱে নিৰ্মাণ কৰা বাবে নগৰখনত কৃত্ৰিম বানপানী হয়।

ন আলিৰ ফ্লাইঅভাৰখনৰ সৈতে নিৰ্মাণ কৰা নলাসমূহ বিসঙ্গতিপূৰ্ণ ভাৱে নিৰ্মাণ কৰা বাবে নগৰখনত কৃত্ৰিম বানপানী হয়।

  • Share this:
বিভিন্ন চৰকাৰী বিভাগসমূহৰ মাজৰ সমন্বয়হীনতাৰ বাবে পুনৰ চৰম দূৰ্ভোগ ভুগিব লগা হ'ল যোৰহাটবাসীয়ে । যোৰহাটত এজাক মুষলধাৰ বৰষুণৰ ফলত নগৰৰ বহু অঞ্চল নিশাৰে পৰাই বানত বুৰ যোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । নগৰৰ ন আলিত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখনৰ নিৰ্মাণৰ সৈতে জড়িত চৰকাৰী বিভাগ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ গাফিলতিৰ ফলতে এই কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

কৃত্ৰিম বানত বুৰ যায় যোৰহাটৰ এটা বৃহৎ অঞ্চলৰ বহু বাসগৃহ । নিশা শুই থকা অৱস্থাতে পানীয়ে বিচনা পৰ্যন্ত বুৰাই পেলোৱাৰ লগতে বহু সামগ্ৰী নষ্ট কৰে নগৰৰ বঙালপুখুৰী, ক্লাব ৰোড তথা নআলিৰ একাংশ উপপথত থকা বহু বাসগৃহত। দীৰ্ঘদিন ধৰি নআলিত নিৰ্মাণ কৰি থকা ফ্লাইঅভাৰখনৰ বাবেই বৃহত্তৰ অঞ্চলটোত এনে বিভিষিকাময় পৰিৱেশৰ সৃষ্টি হোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে স্থানীয় বাসিন্দাসকলে । ফ্লাইঅভাৰখনৰ সৈতে সঙ্গতি ৰাখি নআলিৰ দুয়োকাষে নিৰ্মাণ কৰা নলাসমূহ অতি ঠেক আৰু বিসঙ্গতিপূৰ্ণ ভাৱে নিৰ্মাণ কৰা বাবেই সমীপৰ এটা বৃহৎ অঞ্চল পানীত ডুব যাব লগা হয় বুলি গুৰুতৰ অভিযোগ তুলিছে স্থানীয় বাসিন্দা স্থানীয় বাসিন্দা কাদেৰ কাশ্যপে।

আনহাতে ফ্লাইঅভাৰ নিৰ্মাণৰ দায়িত্বত থকা লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলে এই কৃত্ৰিম বানপানীৰ কাৰণ ৰে'লবিভাগৰ এটা পুল বুলি স্থানীয় ৰাইজক জানিবলৈ দিয়াৰ লগতে ইয়াৰ বাবে ৰে'ল বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ কোৱাত ক্ষুণ্ণ হৈ পৰে স্থানীয় লোকসকল ।ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে পুৱাই নআলিৰ ৰাইজৰ কাষত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আৰু শীঘ্ৰে এই সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে ।

উল্লেখ্য , নআলিৰ ফ্লাইঅভাৰখনৰ সৈতে নিৰ্মাণ কৰা নলাসমূহ বিসঙ্গতিপূৰ্ণ ভাৱে নিৰ্মাণ কৰা বুলি দীৰ্ঘদিন ধৰি অভিযোগ উঠি আহিছে । লোকনিৰ্মাণ বিভাগৰ একাংশ বিষয়াৰ বিৰুদ্ধেও উঠিছে বহু অভিযোগ । শেহতীয়াকৈ সকলোকে লগত লৈ এই সমস্যা সমাধানৰ বাবে যোৰহাটৰ বিধায়কগৰাকীয়ে এখন বৈঠকৰ আহ্বান কৰিছে।
Published by: Manjumoni Borah
First published: July 22, 2021, 8:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি