যোৰহাটৰ সীমান্তত সৃষ্টি হৈছে কৃত্ৰিম মৰুভূমিৰ, পিছে ইয়াৰ কাৰণ কি? সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়া

News18 Assam | News18-Assam
Updated:January 2, 2021, 9:56 AM IST
যোৰহাটৰ সীমান্তত সৃষ্টি হৈছে কৃত্ৰিম মৰুভূমিৰ, পিছে ইয়াৰ কাৰণ কি? সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়া
যোৰহাটৰ-নাগালেণ্ড সীমান্তৰ বৰহোলাৰ বেকাজানৰ বিস্তীৰ্ণ অঞ্চল বোকা মাটিয়ে পুতি পেলোৱাত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী।

যোৰহাটৰ-নাগালেণ্ড সীমান্তৰ বৰহোলাৰ বেকাজানৰ বিস্তীৰ্ণ অঞ্চল বোকা মাটিয়ে পুতি পেলোৱাত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী।

  • Share this:
যোৰহাট জিলা আৰু নাগালেণ্ড সীমান্তৰ বৰহোলাৰ সমীপতে নাগালেণ্ডৰ পাহাৰত চলোৱা কয়লাৰ মুক্ত খননৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে অঞ্চলটোৰ বাসিন্দাসকল। উপায়হীন হৈ পৰা স্থানীয় লোকসকলে অৱশেষত এই সমস্যাৰ সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলগীয়া হৈছে। স্থানীয় প্ৰশাসনে দীৰ্ঘদিন ধৰি বিষয়টো আওকাণ কৰি অহাত অঞ্চলটোৰ ৪-৫ খন গাঁৱৰ বাসিন্দাসকলে পথাৰসমূহত খেতি কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছে।

যোৰহাটৰ-নাগালেণ্ড সীমান্তৰ বৰহোলাৰ বেকাজানৰ বিস্তীৰ্ণ অঞ্চল বোকা মাটিয়ে পুতি পেলোৱাত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী। অঞ্চলটোৰ গাতে লাগি থকা নাগালেণ্ডৰ পাহাৰত অবৈধ ভাবে কয়লা খনন কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে।

তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী পাহাৰত অব্যাহত থকা কয়লা খননৰ ফলত পাহৰৰ পৰা বৈ অহা কয়লা খননৰ জাৱৰ- জোথৰ তথা মাটিয়ে কৃষি ভূমিসমূহ পুতি পেলোৱাত খেতিৰ অনুপযোগী হৈ পৰিছে বৃহৎ পৰিসৰৰ কৃষিভূমি। ইয়াৰ উপৰিও অঞ্চলটোৰ বহু দোকান পোহাৰৰ লগতে বেকাজান আৰক্ষী চকীৰো বিস্তৰ ক্ষতি কৰিছে এই কয়লা খননৰ মাটিয়ে। অঞ্চলটোৰ এটা জান বোকা মাটিয়ে পুতি পেলাইছে। এই সমস্যা সমাধানৰ দাবীত শেহতীয়াকৈ প্ৰতিবাদী কাৰ্যসূচীও হাতত ল’ব লগা হৈছে স্থানীয়লোকে।

এই সন্দৰ্ভত তিতাবৰ মহকুমা প্ৰশাসনক বাৰম্বাৰ অভিযোগ দাখিল কৰাৰ পাছতো বৰ্তমানলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। এই সন্দৰ্ভত AJYCPৰ সহযোগত সীমান্তবাসী ৰাইজে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীও হাতত লৈছিল যদিও গা লৰা নাই যোৰহাট জিলা প্ৰশাসনৰ।

দীৰ্ঘদিন ধৰি বৰহোলাৰ একাংশ কৃষক তথা বাসিন্দাই ভুগি অহা এই সমস্যা সমাধানৰ ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনৰ ৰহস্যজনক মৌনতাই ক্ষোভিত কৰি তুলিছে স্থানীয় লোকসকলক।
Published by: Himangshu Bhuyan
First published: January 2, 2021, 9:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি