• Home
  • »
  • News
  • »
  • assam
  • »
  • এখন গাওঁ য’ত ঘৰে ঘৰে মৃত্যুৰ কিৰিলি, মৃত্যুদূতে মৰিশালী কৰা এইখন গাওঁ অসমৰে

এখন গাওঁ য’ত ঘৰে ঘৰে মৃত্যুৰ কিৰিলি, মৃত্যুদূতে মৰিশালী কৰা এইখন গাওঁ অসমৰে

পানীত য’ত বিহ!

পানীত য’ত বিহ!

পানীত য’ত বিহ!

  • Share this:
দুৰাৰোগ্য কৰ্কট ৰোগে চানি ধৰা ৰাজ্যৰ এখন গাওঁ । বিগত কেইটামান বছৰতে ত্ৰিশ জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে কৰ্কট ৰোগত। এতিয়াও মৃত্যুৰে যুঁজি আছে কৰ্কট আক্ৰান্ত বহুজনে। কৰ্কট ৰোগৰ বাবেই এতিয়া মৰিশালী সদৃশ পৰিবেশ গাওঁখনত। কিন্তু কাণসাৰ নাই ৰাজ্যৰ বিয়াগোম স্বাস্থ্য কিম্বা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ।

মৰিশালী সদৃশ পৰিৱেশে বিৰাজ কৰা ৰাজ্যৰ এখন গাওঁ। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি শইকীয়া চুবুৰী নেপালী গাওঁ। দুৰাৰোগ্য কৰ্কটে নিদ্ৰা হৰিছে গাওঁবাসীৰ। চকুৰ আগতে ইজনৰ পিছত সিজন লোকক হেৰুৱাইছে গাওঁবাসীয়ে। সম্প্ৰতি কৰ্কটে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে গাওঁখনত।

কিয় ভয়াৱহ ৰূপত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ গাওঁখনত? গাওঁবাসীৰ দাবী,আৰ্ছেনিকযুক্ত পানী সেৱন কৰি অহাৰ বাবেই এনেদৰে কৰ্কট ৰোগত আক্ৰান্ত হৈছে গাওঁবাসী। অঞ্চলটোৰ পানীত আছে বিষাক্ত আৰ্ছেনিক। স্বাস্থ্যবিভাগেও বহু পূৰ্বেই নিশ্চিত কৰিছে অঞ্চলটোৰ পানীত আৰ্ছেনিক থকাৰ কথা। কিন্তু পানীত আৰ্ছেনিকৰ উপস্থিতি ধৰা পেলোৱাতেই যেন দায়িত্ব শেষ বিয়াগোম স্বাস্থ্য বিভাগৰ। কাণসাৰ নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ। আৰ্ছেনিকযুক্ত পানী সেৱন কৰিয়েই দুৰাৰোগ্য কৰ্কটত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে গাওঁখনৰ ত্ৰিশজনতকৈয়ো অধিক লোক। অঞ্চলটোত বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ বাৰে বাৰে আবেদন নিবেদন কৰি অহাৰ পিছটো গুৰুত্ব প্ৰদান কৰা নাই বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগে।

শংকিত গাওঁবাসী। প্ৰশ্ন উঠিছে আৰু কিমানজন লোকে কৰ্কট ৰোগত প্ৰাণ হেৰুৱালে সাৰ পাব ৰাজ্যৰ  স্বাস্থ্য আৰু জনস্বাস্থ্য কাৰিকৰি বিভাগে?

(ঢেকীয়াজুলিৰ পৰা হৰেণ ভূমিজৰ প্ৰতিবেদন)
First published: